November 12, 2024 9:07 AM | AIR GUWAHATI | Akashvani

printer

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক আজি অনুষ্ঠিত হ’ব

 

ব্ৰহ্মপুত্ৰ বোৰ্ডৰ উচ্চ ক্ষমতা সম্পন্ন পর্যালোচনা সমিতিৰ ত্ৰয়োদশ বৈঠক গুৱাহাটীত কেন্দ্ৰীয় জলশক্তি মন্ত্রী চি আৰ পাৰ্টিলৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত বান নিয়ন্ত্ৰণ আৰু নদী ব্যৱস্থাপনা সম্পৰ্কত নীতি আৰু কৌশলসমূহ উন্নত কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে বিভিন্ন মন্ত্ৰালয় আৰু বিভাগৰ শীৰ্ষ বিষয়াসকলে অংশগ্ৰহণ কৰিব।