November 7, 2024 8:23 PM

views 61

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ

বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে কথা পাতিছে আৰু উভয় দেশৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা আগুৱাই নিবলৈ ভাৰত আগ্ৰহী বুলি অৱগত কৰিছে। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাই জনসাধাৰণৰ কল্যাণ আৰু শান্তি-সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ক...

November 7, 2024 8:21 PM

views 50

ছিডনীত আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে ড০ এছ জয়শংকৰৰ বৈঠক

বৈদেশিত পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ড০ এছ জয়শংকৰে দেশৰ আন্তঃগাঁথনি, উৎপাদন, দক্ষতা বিকাশ আৰু ডিজিটেল ৰূপান্তৰৰ দিশসমূহৰ কথা উল্লেখ কৰে। ছিডনীত আজি আগশাৰী ব্যৱসায়ী আৰু কোম্পানীসমূহৰ মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ ক্ষেত্ৰত উমৈহতীয়া কৌশলগত দ্বিপাক্ষিক সহযোগিতাই বিশেষ ভূমিকা পালন কৰে। অষ্ট্ৰেলিয়া ভ্ৰমণ কালত ড০ জয়শংকৰে ভাৰতীয় মূলৰ লোকসকলক সাক্ষাৎ কৰাৰ লগতে ছিডনীৰ নিউ ছাউথ ৱেলছৰ সাংসদ গৰাকীকো দেখা কৰে। তেওঁ...

November 7, 2024 7:59 PM

views 54

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ’ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ উপদেষ্টা নিকুঞ্জ বৰঠাকুৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শর্মাই। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ...

November 7, 2024 7:48 PM

views 58

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাৰ বিভিন্ন বঁটা

সত্ৰীয়া সংস্কৃতিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা কেইবাগৰাকী বিশিষ্ট ব্যক্তিলৈ সদৌ অসম সত্ৰ মহাসভাই বিভিন্ন বঁটা আগবঢ়াইছে। আজি গুৱাহাটীত আয়োজিত এখন সংবাদমেলত মহাসভাৰ নেতৃবৃন্দই কয় যে, মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামীক সত্ৰ বৈভৱ বঁটা, মাজুলীৰ শ্ৰীশ্ৰীগড়মুৰ সত্ৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীলৈ সত্ৰ সৌৰভ বঁটা, নৃত্যাচাৰ্য যতীন গোস্বামীলৈ আন্তঃৰাষ্ট্ৰীয় সত্ৰীয়া শিল্পী বঁটা, মঙলদৈৰ সত্ৰীয়া শিল্পী ভানু ডেকা চহৰীয়া আৰু জাগীৰোড মহ...

November 7, 2024 7:39 PM

views 40

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰৰ যোগদান

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে যোগদান কৰিছে। শ্ৰী বৰঠাকুৰে আকাশবাণী গুৱাহাটীৰ লগতে কেন্দ্রীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়তো আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিব। আজি কাৰ্যালয়ত যোগদান কৰাৰ পাছত তেওঁ আকাশবাণীৰ বাতৰি বিভাগৰ বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ আঞ্চলিক বাতৰিৰ মান উন্নত কৰাৰ ক্ষেত্ৰত বিভিন্ন বিষয় লৈ আলোচনা কৰে।

November 7, 2024 7:14 PM

views 47

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপাল লক্ষ্মনপ্ৰসাদ আচাৰ্য্য আৰু ভূটানৰ প্ৰধানমন্ত্রী দাছো চেৰিং টবগেই যুটীয়াভাৱে ভৱনটো উদ্বোধন কৰে। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণত কয় যে সংহত তালাচী চকীয়ে দুয়োদেশৰ মাজত অর্থনৈতিক তথা সামাজিক সংযোগ...

November 7, 2024 7:03 PM

views 44

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলাখনৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী অনুষ্ঠিত হয়। বিশ্ব বেংকৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত দুৰ্ঘটনাৰ গোচৰত, দুৰ্ঘটনাৰ পিছৰ তদন্ত কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে কাৰিকৰী বিশেষজ্ঞসকলে প্ৰশিক্ষণ প্ৰদান কৰে।

November 6, 2024 4:20 PM

views 67

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ’ব

লোক সংগীতৰ জনপ্ৰিয় গায়িকা সাৰদা সিনহাৰ অন্ত্যেষ্টিক্রিয়া কাইলৈ বিহাৰৰ পাটনাত সম্পূৰ্ণ চৰকাৰী মৰ্যাদাৰে সম্পন্ন কৰা হ'ব। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে আজি এই কথা প্ৰকাশ কৰে। যোৱা নিশা নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানত ৭২ বছৰ বয়সত দেহাৱসান ঘটা শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি পাটনালৈ অনাৰ ব্যৱস্থা কৰা হৈছে। প্ৰসিদ্ধ শিল্পীগৰাকীৰ পুত্ৰ, লোকসংগীতৰ গায়ক অংশুমান সিনহাই জানিবলৈ দিয়া মতে গংগা নৈৰ পাৰৰ গুলাবী ঘাটত কাইলৈ তেওঁৰ মাতৃৰ শেষকৃত্য সম্পন্ন কৰা হ'ব। উল্লেখযোগ্য যে ভোজপুৰী আ...

November 6, 2024 1:36 PM

views 52

অসম ৰাজ্যিক বিত্ত আয়োগৰ দলৰ ৰাজ্য চৰকাৰৰ ভিন্ন বিভাগৰ জিলা বিষয়াসকলৰ সৈতে আলোচনা

অসম ৰাজ্যিক বিত্ত আয়োগৰ এটা দলে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰানা প্ৰতাপ কলিতাৰ নেতৃত্বত কালি সন্ধিয়া বৰপেটাত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ জিলা বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হয়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত জিলাখনৰ ৰাজ্য চৰকাৰৰ বিভাগবোৰৰ হোৱা সমস্যা আৰু বাজেটৰ বিষয়কলৈ এই আলোচনা অনুষ্ঠিত হয়। আলোচনাত অধ্যক্ষতা কৰা ৰানা প্রতাপ কলিতাই তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থাক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি দক্ষতা বৃদ্ধিৰ বাবে সকলোকে আহ্বান জনায়। ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত থকা সমস্যাবোৰ জি...

November 4, 2024 7:00 PM

views 85

অহা ৯ আৰু ১০ নৱেম্বৰত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র

আয়ুৰ্বেদিক চিকিৎসা সংস্থাৰ উদ্যোগত আৰু বিশ্ব আয়ুৰ্বেদ পৰিষদ, অসম শাখা আৰু চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়, গুৱাহাটীৰ সহযোগত অহা ৯ আৰু ১০ নৱেম্বৰত জালুকবাৰীৰ চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্র অনুষ্ঠিত হ'ব। আজি গুৱাহাটী প্ৰেছক্লাবত আয়োজিত এখন সংবাদমেলত আয়োজক সমিতিয়ে জনোৱা অনুসৰি আয়ুৰ্বেদৰ শেহতীয়া অগ্ৰগতি শীৰ্ষক বিষয়বস্তুৰে হ'বলগীয়া আলোচনাচক্ৰখনত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতিসম্পন্ন কেইবাগৰাকীও আয়ুৰ্বেদিক চিকিৎসক আৰু বিজ্ঞানীয়ে অংশগ্ৰহণ কৰিব। দেশৰ ১৯ খ...