November 4, 2024 6:57 PM

views 92

নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ বৰপেটাৰ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীৰ অভিযান অব্যাহত

বৰপেটা জিলাৰ বিভিন্ন স্থানত নিচাযুক্ত সামগ্ৰী সৰবৰাহ আৰু বিক্ৰী ৰোধ কৰিবলৈ কেইবাখনো গাঁৱত গাঁওপ্ৰধান আৰু গাঁওৰক্ষী বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে। এই অভিযানৰ অংশ হিচাপে কলগাছিয়া ৰাজহ চক্ৰৰ খাৰবল্লি, সুথিৰপাথাৰ, আমগুৰিকে ধৰি কেইবাখনো গাঁৱত চলোৱা অভিযানত ভাং খেতি নষ্ট কৰা হয় ৷ বিগত কিছুদিন ধৰি ৰাইজে নিজাববীয়াকৈ এই অভিযান অব্যাহত ৰাখিছে। ইতিমধ্যে কমেও সাতটা পৰিয়ালৰ ঘৰৰ চৌহদৰ ভাং খেতি ৰাইজে নষ্ট কৰিছে বুলি জানিব পৰা গৈছে।

November 4, 2024 6:53 PM

views 45

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি শিল্পীগৰাকীৰ সমাধিস্থলীত ভিন্ন অনুষ্ঠানৰ আয়োজন

বিশ্ববৰেণ্য শিল্পী ড০ ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যুবার্ষিকীৰ সৈতে সংগতি ৰাখি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত কাইলৈ জালুকবাৰীত থকা শিল্পীগৰাকীৰ সমাধিস্থলীত পুৱা ৯.৩০ বজাৰ পৰা স্মৃতিচাৰণ সভা তথা সর্বধর্ম প্রার্থনা অনুষ্ঠান আৰু ১১.৩০ বজাৰপৰা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। একেদৰে ড° ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসে মহানগৰীৰ চচলত সর্বধৰ্ম প্ৰাৰ্থনা সভাৰ আয়োজন কৰিছে।

November 4, 2024 6:38 PM

views 66

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত জিলা পুথিভঁৰালত বিশেষ সভা

সমাগত ষট পূজা শান্তিপূর্ণভাৱে উদযাপন কৰাৰ লক্ষ্যৰে গুৱাহাটী আৰক্ষী আয়ুক্তৰ উদ্যোগত আজি জিলা পুথিভঁৰালত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পূজাৰ সময়ত পালন কৰিবলগীয়া নীতি-নিৰ্দেশনা সন্দৰ্ভত অৱগত কৰে। পূজাৰ সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা লাচিত ঘাটলৈ বাহন চলাচলত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। টিআৰপি ৰোডত বাণিজ্যিক বাহন পার্কিঙতো নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিশা ৮ বজাৰ পৰা ১০ বজালৈহে ফটকা ফুটুৱাত অনুমতি প্ৰদান কৰা হৈছে। চূণচালি ঘাটতো বিশেষ সুৰক্ষামূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব।...

November 4, 2024 6:16 PM

views 52

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন পাব্লিক স্পীক অনুষ্ঠান

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজ, এই সন্দৰ্ভত ভাৰতীয় চাইবাৰ অপৰাধ সহযোগিতা কেন্দ্ৰৰ সঞ্চালক ৰূপা এম আৰু দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ যুটীয়া আয়ুক্ত ৰাজনীশ গুপ্তাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক চাইবাৰ অপৰাধ সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰ...

November 2, 2024 7:31 PM

views 39

গোসাইগাঁৱৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিৰ যৌথ অভিযানত ২ টা বন্দুক উদ্ধাৰ

গোসাইগাওঁ মহকুমাৰ কচুগাওঁ থানাৰ টাকামপুৰত আৰক্ষী আৰু এছ এছ বিয়ে যৌথ অভিযান চলাই দুটা বন্দুক উদ্ধাৰ কৰিছে। উল্লেখযোগ্য যে কচুগাওঁ থানাৰ অন্তৰ্গত ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানৰ টাকামপুৰৰ হাবিৰ মাজত চোৰাংচোৱাই দুৰ্বৃত্তই এই অস্ত্র শস্ত্ৰ খিনি লুকাই ৰখাৰ তথ্য লাভ কৰাৰ পাছতেই এই অভিযান চলোৱা হয়। ঘটনা সংক্ৰান্তত বৰ্তমানলৈকে আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই যদিও তদন্ত অব্যাহত আছে।

November 2, 2024 7:29 PM

views 75

দীপাৱলীৰ উছাহৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অগ্নিকাণ্ড আৰু দুৰ্ঘটনা সংঘটিত

যোৰহাট নগৰত কালি সংঘটিত এটা অগ্নিকাণ্ডত এজন লোক জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু দোকান, গুদাম আদি ভষ্মীভূত হয়। মৃত লোকজনক বিহাৰৰ সুশিল ৰায় বুলি চিনাক্ত কৰা হয়। ইফালে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দিচাং দলঙৰ সমীপত সংঘটিত এটা পথ দুৰ্ঘটনাত এজন চাইকেল আৰোহীৰ থিতাতে মৃত্যু হয়। এখন ট্রাকে পিছফালৰ পৰা খুন্দিওৱাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। আনহাতে, দেৰগাঁৱৰ কুৰালগুৰি পুৰণি চেনীকলৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত বোকাখাটৰ নিৱাসী নয়নজ্যোতি হাজৰিকা নামৰ লোকজন থিতা...

November 2, 2024 7:10 PM

views 34

নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিসূচনা জাৰি

গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই থকা গোচৰসমূহৰ ক্ষেত্ৰত এজাহাৰ, অভিযোগনামা, চূড়ান্ত প্রতিবেদন আদি চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিব লাগিব। একেদৰে চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন আবেদন, জিম্মাত বিচৰা আবেদন আদি নিষ্পত্তিৰ দায়িত্ব চিবিআইৰ ২ আৰু ৩ নম্বৰ অতিৰিক্ত আদালতক ...

November 2, 2024 6:43 PM

views 68

অসম-নাগালেণ্ড মেৰাপানী সীমান্তত বার্মিজ চুপাৰীভর্তি দুখন ট্রাক জব্দ

গোলাঘাট জিলাৰ অসম-নাগালেণ্ড মেৰাপানী সীমান্তত আজি ১৪২ নম্বৰ চি আৰ পি এফৰ সেনাই বার্মিজ চুপাৰীভর্তি দুখন ট্রাক জব্দ কৰে। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা ট্রাক দুখনত গোপনে কেইবালাখ টকা মূল্যৰ বাৰ্মিজ চুপাৰী মেৰাপানীয়েদি পাৰ কৰিবলৈ লওঁতে চি আৰ পি এফৰ তালাচীত ধৰা পৰে। চি আৰ পি এফে বাহন দুখনৰ চালক দুজনক নাগালেণ্ডৰ ভান্দাৰী আৰক্ষীক গটাই দিয়ে।

November 2, 2024 6:34 PM

views 51

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ আজি নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতত অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্রতীম শৰ্মাই।

November 2, 2024 6:30 PM

views 65

গুৱাহাটী মহাবিদ্যালয়ৰ হীৰক জয়ন্তীৰ সামৰণিৰ ব্যাপক প্ৰস্তুতি

গুৱাহাটী মহানগৰৰ পূৱ প্ৰান্তত অৱস্থিত উচ্চ শিক্ষাৰ পূৰণি প্ৰতিষ্ঠান গুৱাহাটী মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ হীৰক জয়ন্তীৰ সামৰণিৰ বাবে ইতিমধ্যে ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। এই উপলক্ষে আজি হীৰক জয়ন্তী সমাৰোহৰ লাইখুঁটা স্থাপন কৰা হয়। লাইখুঁটা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা উপাধ্যক্ষাই সকলোৰে সহযোগিতা কামনা কৰাৰ লগতে প্ৰস্তুতিৰ বিভিন্ন দিশ সম্পর্কে আলোকপাত কৰে। অহা ৯ নৱেম্বৰত অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত প্ৰদর্শনী, বক্তৃতা অনুষ্ঠান, আন্তঃমহাবিদ্যালয় ভলীবল প্রতিযোগিতা, ...