গুৱাহাটী উচ্চ ন্যায়ালয়ে নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰিছে। এই অধিসূচনা অনুসৰি নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত চলাই থকা গোচৰসমূহৰ ক্ষেত্ৰত এজাহাৰ, অভিযোগনামা, চূড়ান্ত প্রতিবেদন আদি চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত দাখিল কৰিব লাগিব। একেদৰে চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতে জামিন আবেদন, জিম্মাত বিচৰা আবেদন আদি নিষ্পত্তিৰ দায়িত্ব চিবিআইৰ ২ আৰু ৩ নম্বৰ অতিৰিক্ত আদালতক অৰ্পন কৰিব পাৰিব।
Assamese | November 2, 2024 7:10 PM | Akashvani | Assam | Guwahati High Court
নিয়ন্ত্রণবিহীন জমা আঁচনি নিষিদ্ধকৰণ আইনৰ অধীনৰ গোচৰৰ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিসূচনা জাৰি