November 2, 2024 6:27 PM

views 67

ট্রেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৪ জন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ

চিবিআই বিশেষ আদালতে ট্রেডিং কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ৪ জন অভিযুক্তক আজি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। এই ৪জন অভিযুক্ত হৈছে বিশাল ফুকন, ৰঞ্জিত কাকতি, অভিজিৎ চান্দ আৰু স্বপ্ননীল দাস। পূৰ্বৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই আজি চাৰিওজন অভিযুক্তক আদালতত হাজিৰ কৰোৱায়। পাছত আদালতে আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অহা ১৩ নৱেম্বৰত চাৰিওজন অভিযুক্তক পুনৰ চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাব লাগিব।

November 1, 2024 7:46 PM

views 62

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ কাইলৈ নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাতত অনুষ্ঠানত সতর্কতা সপ্তাহ সন্দৰ্ভত আলোচনা কৰা হ'ব। এই অনুষ্ঠানত তদাৰকী আৰু দুর্নীতি নিবাৰণী সঞ্চালকালয়ৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান সুৰেন্দ্ৰ কুমাৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

November 1, 2024 7:29 PM

views 53

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব

অসম চৰকাৰৰ অধীনস্থ কর্মচাৰীসকলে মাতৃ-পিতৃ বন্দনা যোজনাৰ অধীনত অহা ৬ আৰু ৮ নৱেম্বৰত বিশেষ নৈমিত্তিক ছুটি লাভ কৰিব। এই বিশেষ ছুটিত কৰ্মচাৰীসকলে ৭ নৱেম্বৰ-ঘট পূজা, ৯ নৱেম্বৰ-মাহৰ দ্বিতীয়টো শনিবাৰ আৰু ১০ নৱেম্বৰ দেওবাৰকো সামৰি নিজৰ পিতৃ-মাতৃ তথা শাহু-শহুৰকো সেৱা শুশ্ৰুষা আগবঢ়াব পাৰিব। ইয়াৰ ওপৰিঞ্চিভাৱে শিক্ষা বিভাগৰ অধীনস্থ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে ৯ নৱেম্বৰত পিতৃ-মাতৃ বন্দনা যোজনাৰ আওতাত বিশেষ ছুটি প্রদান কৰা হৈছে।

November 1, 2024 7:25 PM

views 82

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত

ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত আজি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। চামগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিপুৰঞ্জন শৰ্মাৰ হৈ কেবিনেট মন্ত্রী তথা ব...

November 1, 2024 5:27 PM

views 32

দিল্লী অগ্নিনির্বাপন বিভাগৰ দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ

দিল্লীৰ অগ্নিনির্বাপন বিভাগে এইবেলি দীপাৱলীত অভূতপূৰ্ব জৰুৰী ফোনকল লাভ কৰে। বিভাগীয় তথ্য অনুসৰি বিগত ১০টা বছৰৰ ভিতৰত অগ্নিকাণ্ডৰ বাতৰিৰে বিভাগটোৱে লাভ কৰা এনে ফোনকলৰ সংখ্যা আছিল সবাতোকৈ অধিক। দিল্লীৰ অগ্নিনির্বাপন বিভাগৰ সঞ্চালক অতুল গাৰ্গে আকাশবাণীৰ বাতৰি বিভাগক জানিবলৈ দিয়া মতে কালি সন্ধিয়া ৫ বজাৰ পৰা আজি পুৱা ৫ বজালৈ অর্থাৎ ১২ ঘণ্টা সময়ৰ ভিতৰত দিল্লী এলেকাত ৩০০টাতকৈও অধিক অগ্নিকাণ্ড সংঘটিত হয়। এনে ঘটনাসমূহৰ মাজতে তিনিজন লোকে প্ৰাণ হেৰুৱাই বুলিও তেওঁ জানিবলৈ দিয়ে। শ্রী গাৰ্গে অৱশ্যে দীপা...

November 1, 2024 5:19 PM

views 41

ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশ, ছত্তিশগড়, হাৰিয়ানা, কৰ্ণাটক, কেৰালা, মধ্য প্রদেশ, পাঞ্জাব, তামিলনাড়ু, লাক্ষাদ্বীপ আৰু পুডুচেৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সংশ্লিষ্ট ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে দেশৰ উন্নয়নৰ যাত্ৰাপথত এই ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ জনসাধাৰণে আগবঢ়োৱা বৰঙণিৰ বিষয়ে উল্লেখ কৰে। একেদৰে উপ- ৰাষ্ট্...

October 26, 2024 9:26 PM

views 37

ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আজি বিয়লি নতুন দিল্লীৰ আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে। এই ড° সোমনাথে INDIAN SPACE ODYSSEY : IN SEARCH OF NEW FRONTIERS এই বিষয়ত ভাষণ দিয়ে। তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ ডমেইন অহৰহ বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ বাবে অধিক সুলভ হৈ পৰিছে। আই আই টি দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত ড° সোমনাথে অর্থনীতি, নিয়োগ যোগ্যতা আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত মহাকাশ প্রযুক্তিৰ প্রভাৱ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। শেহত...

October 26, 2024 9:07 PM

views 38

হাটশিঙিমাৰী মহাবিদ্যালয়ত নিচামুক্ত ভাৰত অভিযানৰ অধীনত প্রশিক্ষণ কার্যসূচী

নিচামুক্ত ভাৰত অভিযানৰ অধীনত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ হাটশিঙিমাৰী মহাবিদ্যালয়ত আজি এটি প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা সমাজ কল্যাণ বিভাগে মহাবিদ্যালয়খনৰ ৫০ গৰাকী মুখ্য সদস্যক নিচামুক্ত ভাৰত অভিযান সম্পৰ্কে প্ৰশিক্ষণ প্ৰদান কৰে। নৱপ্ৰজন্মক নিচাজাতীয় সামগ্ৰীৰ পৰা আঁতৰাই অনাৰ উদ্দেশ্যেৰে ৰাষ্ট্ৰীয় সেৱা যোজনাৰ সদস্যসকলক ভার্চুৱেল পদ্ধতিৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়৷

October 26, 2024 9:05 PM

views 66

বিটিচিৰ প্ৰধান সচিবৰ সৈতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পর্যালোচনা বৈঠক

ৰাজ্যৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা বিকাশ, নিয়োগ, উদ্যমশীলতা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি বিটিচিৰ প্ৰধান সচিবৰ সৈতে এখন পর্যালোচনা বৈঠকত মিলিত হয়। তামুলপুৰ জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে আজি এই বৈঠকত ২৬ টা বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে। কৃষি বিভাগৰ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে ধান ক্ৰয়ৰ ক্ষেত্ৰত যাতে মধ্যভোগীসকলে সুফল লাভ নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি পশুপালন, ৰেচম, শিক্ষা, খাদ্যকে ধৰি বিভিন্ন বিভাগসমূহৰ কাম-কাজসমূহো এই বৈঠকত পৰ্যালোচনা কৰা হয়৷

October 26, 2024 9:02 PM

views 46

কাইলৈ আকাশবাণীৰ ১১৫ সংখ্যক খণ্ডৰ ‘মন কী বাত অনুষ্ঠান’

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ-বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাব ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটিৰ ১১৫ সংখ্যক খণ্ড। আকাশবাণী–দূৰদৰ্শনৰ সমগ্ৰ নেটৱৰ্কৰ লগতে আকাশবাণী নিউজৰ ৱেৱছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপযোগে এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণী, দূৰদৰ্শন নিউজ, প্রধানমন্ত্ৰী কাৰ্যালয় আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান শুনিব পৰা যাব। আকাশবাণীয়ে প্ৰচাৰ হোৱাৰ ঠিক পাছতেই অনুষ্ঠানটিৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব।