ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আজি বিয়লি নতুন দিল্লীৰ আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে। এই ড° সোমনাথে INDIAN SPACE ODYSSEY : IN SEARCH OF NEW FRONTIERS এই বিষয়ত ভাষণ দিয়ে। তেওঁ কয় যে মহাকাশ প্ৰযুক্তিৰ প্ৰয়োগ ডমেইন অহৰহ বৃদ্ধি পোৱাৰ লগে লগে মানুহৰ বাবে অধিক সুলভ হৈ পৰিছে। আই আই টি দিল্লীত অনুষ্ঠিত এই অনুষ্ঠানত ড° সোমনাথে অর্থনীতি, নিয়োগ যোগ্যতা আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত মহাকাশ প্রযুক্তিৰ প্রভাৱ বৃদ্ধি পাইছে বুলি উল্লেখ কৰে। শেহতীয়াকৈ চৰকাৰে মহাকাশ খণ্ডটো মুকলি কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে। অধিক ব্যক্তিগত বিনিয়োগ আৰু ব্যক্তিগত অংশগ্রহণে আশাৰ সঞ্চাৰ কৰিছে বুলি ইছৰ’ৰ অধ্যক্ষগৰাকীয়ে ভাষণ প্ৰসংগত প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰসাৰ ভাৰতীয়ে চৰ্দাৰ বল্লভভাই পেটেলৰ স্মৃতিত এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰিছিল।
Assamese | October 26, 2024 9:26 PM | Akashvani | Akashvani News
ইছৰোৰ অধ্যক্ষ ড° এছ সোমনাথে আকাশবাণীৰ ৰং ভৱনত ২০২৪ বৰ্ষৰ চৰ্দাৰ পেটেল স্মাৰক বক্তৃতা প্ৰদান কৰে