ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিত অহা ১৩ নৱেম্বৰত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। বিশেষকৈ শাসকীয় বিজেপি, বিৰোধী দল কংগ্ৰেছৰ লগতে আঞ্চলিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাইছে। উল্লেখযোগ্য যে বিহালী বিধানসভা সমষ্টিত আজি বিজেপি প্রার্থী দিগন্ত ঘাটোৱাৰৰ হৈ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা পৱিত্ৰ মাৰ্ঘেৰিটা আৰু বিধায়ক দিগন্ত কলিতাই বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। চামগুৰি সমষ্টিৰ বিজেপি প্রার্থী দিপুৰঞ্জন শৰ্মাৰ হৈ কেবিনেট মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা বিমল বৰাই কেইবাখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। কাছাৰৰ ধলাই বিধানসভা সমষ্টিৰ লগতে চিৰাঙৰ ছিদলী সমষ্টিতো প্ৰাৰ্থী আৰু সমৰ্থকসকলে ব্যাপক প্ৰচাৰ চলাইছে। ইপিনে, বঙাইগাঁও সমষ্টিত বিজেপি মিত্ৰজোঁটৰ সমৰ্থিত অগপ প্রার্থী দিপ্তীময়ী চৌধুৰীৰ লগতে কংগ্ৰেছ প্রার্থী ব্রজেনজিৎ সিংহই ভোটাৰৰ মন জয় কৰাৰ বাবে চেষ্টা চলাইছে।
Assamese | November 1, 2024 7:25 PM | Akashvani | Assambly Bye Election
ৰাজ্যৰ পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত