বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে কথা পাতিছে আৰু উভয় দেশৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা আগুৱাই নিবলৈ ভাৰত আগ্ৰহী বুলি অৱগত কৰিছে। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাই জনসাধাৰণৰ কল্যাণ আৰু শান্তি-সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে কাম কৰিব।
আফগানিস্তানলৈ মানৱীয় সাহায্য প্রদান সন্দৰ্ভত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰগৰাকীয়ে কয় যে দেশখনলৈ ৫০ হাজাৰ মেট্রিকটন ঘেঁহু, ৩০০ টন ঔষধ আৰু ২৮ টন ভূমিকম্পৰ সাহাৰ্য্য সামগ্ৰী যোগান ধৰা হৈছে।
Assamese | November 7, 2024 8:23 PM | Akashvani | Akashvani News | India | India Govt.
ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ