সমগ্ৰ দেশত আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন কৰা হৈছে। মহাত্মা গান্ধীয়ে ১৯৪৭ চনত প্ৰথম আৰু শেষবাৰৰ বাবে আকাশবাণীৰ ষ্টুডিঅ’ পৰিদৰ্শন কৰাৰ লগত সংগতি ৰাখি প্ৰতিবছৰে এই দিৱস পালন কৰা হয়। সিদিনাখন জাতিৰ পিতা মহাত্মা গান্ধীয়ে আকাশবাণীৰ জৰিয়তে দেশ বিভাজনৰ পাছত হাৰিয়ানাৰ কুৰুক্ষেত্ৰত অস্থায়ীভাৱে বসতি স্থাপন কৰা শৰণাৰ্থীসকলক সম্বোধন কৰিছিল। এই উপলক্ষে আজি আকাশবাণী দিল্লী কেন্দ্ৰৰ চৌহদত এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইপিনে, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে দিৱসৰ সৈতে সংগতি ৰাখি আজি আকাশবাণীৰ অংশকালীন সংবাদদাতা আৰু সংবাদকর্মীসকলৰ সৈতে ভার্চুৱেল ব্যৱস্থাৰে এখন বৈঠকত মিলিত হ’ব।
Assamese | November 12, 2024 2:33 PM | Akashvani | Public Broadcasting day
দেশজুৰি আজি ৰাজহুৱা সেৱা সম্প্ৰচাৰ দিৱস পালন