ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে আজি ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। পৰিষদৰ সচিবালয়ৰ প্ৰধান সচিবৰ সভাগৃহত অনুষ্ঠিত এই বৈঠকত প্রধান সচিব থাই টিচ’ ডাওলাগাপু উপস্থিত থকাৰ লগতে পৰিষদৰ আন আন সচিব তথা বিষয়াসকল উপস্থিত থাকে। এই বৈঠকত বিভিন্ন বিভাগৰ কাম- কাজসমূহৰ লগতে আঁচনিসমূহ ৰূপায়নৰ অগ্ৰগতিৰ বিষয়ে বুজ লোৱা হয়। পৰিষদে গ্ৰহণ কৰা আঁচনিসমূহৰ কামৰ অগ্ৰগতি সম্পর্কে বুজ লোৱাৰ বাবে অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলে তিনিদিনীয়া কাৰ্যসূচীৰে ডিমা হাচাও ভ্ৰমণ কৰিছে। অতিৰিক্ত মুখ্য সচিবগৰাকীয়ে পৰিষদৰ কাম-কাজত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে খাদ্য সামগ্ৰীসমূহ মজুত ৰখাৰ ক্ষমতা বৃদ্ধি কৰিবলৈও পৰামৰ্শ আগবঢ়ায়।
Assamese | November 16, 2024 6:54 PM | Akashvani | Assam
ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন চামলৰ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ প্ৰশাসনৰ নিয়ন্ত্রণাধীন বিভিন্ন বিভাগৰ মুৰব্বীসকলৰ সৈতে পৰ্যালোচনা বৈঠক