যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাগৃহত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠকখন কালি অনুষ্ঠিত হয়। সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয়। সভাত কৃষি, মীন, জলসম্পদ, লোকনিৰ্মাণ, পৰিবহণ, শক্তি, খাদ্য আৰু অসামৰিক যোগান, জনস্বাস্থ্য কাৰিকৰী, শ্রম, পশুপালন, জলসিঞ্চন, আবকাৰী, গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভিন্ন বিভাগৰ কাম-কাজৰ বিষয়ে জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ মুৰব্বী বিষয়াসকলৰ লগত বিতংভাৱে আলোচনা কৰে। তদুপৰি বিভাগীয় বিষয়াসকলে নিজৰ বিভাগীয় কাম-কাম অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। তদুপৰি জিলা আয়ুক্তগৰাকীয়ে জিলাখনৰ সকলো বিষয়া-কৰ্মচাৰীয়ে চৰকাৰী নিয়ম অনুসৰি পুৱা ৯.৩০ বজাত উপস্থিত হৈ কাৰ্যালয়ৰ কাম-কাজ সুচাৰুৰূপে পৰিচালনা কৰাৰ সন্দৰ্ভত বুজ লয়।
Assamese | November 14, 2024 11:52 AM | Akashvani | Akashvani Guwahati | Jorhat
যোৰহাট জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন