November 28, 2024 8:10 PM
32
বিশিষ্ট সাংবাদিক বুলন কুমাৰ শইকীয়াৰ মৃত্যু
আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল আৰু নাহৰকটীয়া, দুলীয়াজান আৰু ডিব্ৰুগড়ৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত আছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা নীতিনিষ্ঠ, আপোচহীন সাংবাদিকগৰাকীৰ মৃ...