বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে। এই স্বাস্থ্য উৎসৱত জিলাখনৰ স্বাস্থ্য বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৬৮ খন বিভিন্ন পৰ্যায়ৰ চিকিৎসালয়ক সামৰি লোৱা হ’ব। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে এই সন্দৰ্ভত সংবাদমেলযোগে তথ্য প্ৰকাশ কৰে। এই স্বাস্থ্য উৎসৱত পর্যবেক্ষকৰ দলে চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰবোৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষৰ উপৰি ৰোগী আৰু স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰিব।
Assamese | November 28, 2024 7:58 PM | Akashvani | Akashvani Guwahati | Barpeta
বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন