November 29, 2024 9:03 PM

views 44

ইউ-উইন কাৰ্যসূচীৰ জৰিয়তে দেশৰ ২৭ কোটি ৭৭ লাখ লোকৰ টীকাকৰণ

ইউ-উইন কাৰ্যসূচীৰ জৰিয়তে দেশৰ ২৭ কোটি ৭৭ লাখ লোকৰ টীকাকৰণ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি কয়, যে এই অভিযান আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে ১ কোটি ২৬ লাখতকৈও অধিক টীকাকৰণ অভিযান সম্পন্ন হৈছে। তেওঁ কয়, যে যোৱা মাহলৈ এই অভিযানৰ অধীনত প্রায় ৭ কোটি ৪৩ লাখ হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয়, যে এই অভিযানে গৰ্ভৱতী মহিলাৰ বাবে জীৱনদায়িনী প্ৰতিষেধক প্ৰদান কৰা আৰু শিশুসকলৰ বাবে ১২টা প্ৰতিৰোধযোগ...

November 29, 2024 8:42 PM

views 47

অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ দেহাৱসান

আজাৰা নিবাসী অসম অভিযান্ত্রীক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰবক্তা আৰু কাৰিকৰী শিক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্রদীপ গোস্বামীৰ আজি বিয়লি হৃদৰোগত আক্ৰান্ত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ।

November 29, 2024 8:27 PM

views 62

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ২ দিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দুদিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হয়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্রাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত বিষয়া কৰ্মচাৰীসকলে বিভাগ অনুসৰি নিজৰ নিজৰ দায়িত্ব কিদৰে তাৎক্ষণিকভাৱে পালন কৰিব লাগে সেই সন্দৰ্ভত প্রয়োজনীয় প্রশিক্ষণ দিয়া হয়। প্রশিক্ষণ কাৰ্যসূচীৰ আজি অন্তিম দিন...

November 29, 2024 8:15 PM

views 50

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দল দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়া উপস্থিত

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দলে দুদিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হয়। বিধায়ক নুৰল হুদাৰ নেতৃত্বত যোৱা দলটোৱে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত পর্যবেক্ষণ কৰাৰ লগতে অগ্রগতি সন্দৰ্ভত বুজ লব। বিধানসভাৰ সজাতি দলটোৱে তিনিচুকীয়া জিলা প্ৰশাসনৰ সৈতে পর্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব।

November 29, 2024 8:13 PM

views 47

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা ‘মুক্তিথ’ নামৰ এখন বিনামুলীয়া বাহন মুকলি

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা মুক্তিথ নামৰ এখন বিনামুলীয়া বাহন মুকলি কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ফেডাৰেল বেংক পল্টন বজাৰ শাখাৰ সহযোগত মুকলি কৰা এই সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশৰণীয়াই কয়, যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিনামুলীয়াকৈ আগবঢ়োৱা এই সেৱাই সৰ্বসাধাৰণ ৰাইজক বিশেষ সুবিধা আগবঢ়াব। অন্তেষ্টিক্ৰিয়াৰ খৰছ বহন কৰিব নোৱাৰা পৰিয়ালক সকাহ দিয়াৰ বাবে এই সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়। এই মুক্তিৰথ বা...

November 29, 2024 8:00 PM

views 26

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ’ব লাগিব ৷ SOCIAL MEDIA অর্থাৎ সামাজ...

November 29, 2024 7:14 PM

views 45

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ

সদ্য সমাপ্ত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ সদস্যৰূপে শপতগ্ৰহণ কৰে। আজি বিয়লি দিছপুৰৰ নতুন বিধানসভা ভৱনত আয়োজিত এটা অনাড়ম্বৰ অনুষ্ঠানত বিধানসভা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধায়ক কেইগৰাকীক গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায়। প্ৰথমে বিহালী সমষ্টিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিগন্ত ঘাটোৱালে শপতগ্ৰহণ কৰে। ইয়াৰ পাছত চামগুৰিৰ পৰা নিৰ্বাচিত বিজেপি বিধায়ক দিপুৰঞ্জন শর্মা, ছিদলীৰ পৰা নিৰ্বাচিত বি পি এফৰ বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্ম, বঙাইগাঁৱৰ পৰা নিৰ্বাচিত অসম গণ পৰি...

November 29, 2024 6:38 PM

views 52

গুৱাহাটী পৌৰ নিগমৰ ‘মুক্তিৰথ’ সেৱাৰ শুভাৰম্ভ

গুৱাহাটীবাসীলৈ জনমুখী সেৱা আগবঢোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি গুৱাহাটী পৌৰ নিগমে ‘মুক্তিৰথ’ শীৰ্ষক এক বিশেষ সেৱাৰ শুভাৰম্ভ কৰে। ফেডাৰেল বেংকৰ সহযোগত হাতত লোৱা এই বিশেষ শৱদেহ কঢ়িওৱা বাহনৰ সেৱা গুৱাহাটীবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত উপ-মেয়ৰ স্মিতা ৰয় আৰু আয়ুক্ত মেঘনিধি দাহালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুক্তিৰথ হৈছে এক বিনামূলীয়া শৱদেহ কঢ়িওৱা বাহনৰ সেৱা, যি নাগৰিকৰ প্ৰাত্যহিক জীৱনৰ প্ৰ...

November 29, 2024 6:10 PM

views 55

উপ-নির্বাচনত জয়ী হোৱা ৫ গৰাকী বিধায়কৰ বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ

ৰাজ্যত অলপতে অনুষ্ঠিত বিধানসভাৰ উপ-নির্বাচনত জয়ী হোৱা পাঁচগৰাকী বিধায়কে আজি বিধানসভাৰ নতুন ভৱনত আয়োজিত বিশেষ কাৰ্যসূচীত শপত গ্ৰহণ কৰে। বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বঙাইগাঁৱৰ দিপ্তীময়ী চৌধুৰী, বিহালীৰ দিগন্ত ঘাটোৱাল, ধলাইৰ নিহাৰৰঞ্জন দাস, ছিদলীৰ নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু চামগুৰি সমষ্টিৰ পৰা জয়ী হোৱা দিল্লুৰঞ্জন শৰ্মাক শপত বাক্য পাঠ কৰোৱায়। শপতগ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে।

November 28, 2024 8:37 PM

views 41

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে, সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে পৰস্পৰৰ উদ্বেগ, ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্তৰ প্ৰতি সন্মান পূর্ব চৰ্ত স্বৰূপ। নতুন দিল্লী মহলে ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অহৰহ কৈ আহিছে বুলি তেওঁ মন্তব্য কৰে।