লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দুদিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হয়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্রাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত বিষয়া কৰ্মচাৰীসকলে বিভাগ অনুসৰি নিজৰ নিজৰ দায়িত্ব কিদৰে তাৎক্ষণিকভাৱে পালন কৰিব লাগে সেই সন্দৰ্ভত প্রয়োজনীয় প্রশিক্ষণ দিয়া হয়। প্রশিক্ষণ কাৰ্যসূচীৰ আজি অন্তিম দিনা ভূমিকম্পৰ সময়ত চলোৱা উদ্ধাৰ কাৰ্যৰ আখৰা কৰা হয়।
Assamese | November 29, 2024 8:27 PM | Akashvani | Akashvani Guwahati | Lakhimpur
লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ২ দিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা