ইউ-উইন কাৰ্যসূচীৰ জৰিয়তে দেশৰ ২৭ কোটি ৭৭ লাখ লোকৰ টীকাকৰণ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অনুপ্রিয়া পেটেলে লোকসভাত এটা লিখিত প্ৰশ্নৰ উত্তৰত এই কথা প্ৰকাশ কৰি কয়, যে এই অভিযান আৰম্ভ কৰাৰ পৰা এতিয়ালৈকে ১ কোটি ২৬ লাখতকৈও অধিক টীকাকৰণ অভিযান সম্পন্ন হৈছে। তেওঁ কয়, যে যোৱা মাহলৈ এই অভিযানৰ অধীনত প্রায় ৭ কোটি ৪৩ লাখ হিতাধিকাৰীৰ নাম পঞ্জীয়ন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে আৰু কয়, যে এই অভিযানে গৰ্ভৱতী মহিলাৰ বাবে জীৱনদায়িনী প্ৰতিষেধক প্ৰদান কৰা আৰু শিশুসকলৰ বাবে ১২টা প্ৰতিৰোধযোগ্য প্ৰতিষেধক প্ৰদান কৰাটো নিশ্চিত কৰিছে।
Assamese | November 29, 2024 9:03 PM | Akashvani
ইউ-উইন কাৰ্যসূচীৰ জৰিয়তে দেশৰ ২৭ কোটি ৭৭ লাখ লোকৰ টীকাকৰণ