November 30, 2024 8:18 PM

views 36

জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল’ৰাৰ একক শাখাত অনিকেশ দত্তৰ চেম্পিয়নৰ সন্মান অৰ্জন

অসমৰ অনিকেশ দত্তই জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল'ৰাৰ একক শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত অনিকেশে ৰাজস্থানৰ সাতৱিক আগৰৱালাক ২১- ১৭, ২১–৭ত পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। আনহাতে ১৩ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত অসমৰ বেদাগ্নি গগৈ ৰানাৰ্ছ আপতে ক্ষান্ত থাকিবলগীয়া হয়। ফাইনেলত বেদাগ্নি তেলেংগানাৰ হামছিনি চাদৰামৰ বিৰুদ্ধে পৰাজিত হয়। মুখ্যমন্ত্ৰী তথা অসম বেডমিণ্টন সন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে দুয়োগৰা...

November 30, 2024 8:16 PM

views 55

হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতা

চৰাইদেউ জিলাৰ দ'লবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ শুভ্রনীল সন্দিকৈ আৰু ছাত্ৰ শিৱানী গগৈসহ শিক্ষক আব্দুল মালিকৰ দলটোৱে হাৰিয়ানাত ১৬ ডিচেম্বৰৰ পৰা হ'বলগীয়া ৫১ সংখ্যক ৰাষ্ট্ৰীয় শিক্ষ বৈজ্ঞানিক প্রদর্শনী প্রতিযোগিতাত ৰাজ্যখনক প্ৰতিনিধিত্ব কৰিব। চৰাইদেউ জিলা প্ৰশাসনৰ তৰফৰ পৰা আজি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিবলগীয়া দলটোক সম্বৰ্ধনা আৰু অভিনন্দন জনোৱা হয়।

November 30, 2024 8:12 PM

views 56

ঢেকীয়াজুলিত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক ভাষণ আৰু কেৰিয়াৰ পৰিকল্পনা সন্দৰ্ভত বিশেষ অনুষ্ঠান

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিত আজি ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক ভাষণ আৰু কেৰিয়াৰ পৰিকল্পনা সন্দৰ্ভত বিশেষ অনুষ্ঠান আয়োজিত হয়। এই অনুষ্ঠানত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ভাৰত ভূষণ দেৱচৌধুৰী উপস্থিত থাকে। অধ্যক্ষ শ্ৰী চৌধুৰীয়ে শিক্ষাৰ্থীসকলক চৰকাৰী সেৱাৰ সুযোগ আৰু পৰিশ্ৰমৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।

November 30, 2024 8:05 PM

views 56

তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা হিতাধিকাৰীসকলেও তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব বুলি মন্তব্য কৰে। নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলাখনৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত একোখন সমিতি গঠনৰ বাবেও সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৪৭০ টা ভোটগ্রহণ কেন্দ্ৰৰ প্ৰতিটোতে গাওঁসভা অনুষ্ঠিত ক...

November 30, 2024 7:27 PM

views 54

কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ জ্ঞানৰ ই-কক্ষ মুকলি

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি কাহিলীপাৰাৰ সমগ্ৰ শিক্ষা অভিযান কাৰ্যালয়ত জ্ঞানৰ ই-কক্ষ মুকলি কৰে। ই-কক্ষ আছাম ইউটিউব চেনেলৰ জৰিয়তে বিদ্যালয়ৰ লগতে ঘৰৰ পৰাও শিক্ষার্থীয়ে পাঠ গ্ৰহণ কৰিব পাৰিব বুলি শিক্ষা মন্ত্রী ডাঃ পেগুৱে প্ৰকাশ কৰে। শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ উপস্থিতিত ই-কক্ষ মুকলি কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ সকলো পাঠ্যক্ৰমৰ ভিডিঅ' পাঠদান এই ইউটিউব চেনেলত উপলব্ধ হ'ব। অভিজ্ঞ শিক্ষকসকলৰ দ্বাৰা অসমীয়া ভাষাত সকলো পাঠৰ ভিডিঅ’ প্ৰস্তুত কৰা হৈছে ব...

November 30, 2024 7:22 PM

views 43

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক অনুষ্ঠান প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ সাপ্তাহিক দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত সংবিধান দিৱস বিষয়ক এটা অনুষ্ঠানৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ভাৰতীয় সংবিধানৰ গুৰুত্ব আৰু নাগৰিকৰ কৰ্তব্য আৰু অধিকাৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আৰু সমাজৰ বিভিন্ন শ্রেণীৰ লোকে মতামত ব্যক্ত কৰিব। অনুষ্ঠানটি প্রযোজনা কৰিব ৰাজীৱ লোচন বৰঠাকুৰে।

November 30, 2024 7:18 PM

views 48

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত

ৰাজ্যৰ বিভিন্ন জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। এই উৎসৱৰ সময়ছোৱাত জিলাসমূহৰ চিকিৎসালয়, স্বাস্থ্য কেন্দ্ৰ আদিৰ চিকিৎসা সেৱা আৰু আন্তঃগাথনি মূল্যায়ন কৰা হ'ব। কামৰূপ মহানগৰ জিলাৰ ৫৬ টা স্বাস্থ্য কেন্দ্ৰত এই কাৰ্যসূচী অনুষ্ঠিত হব। আজি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন সংবাদমেলত জিলাখনৰ আয়ুক্ত সুমিত চট্টাৱানে এই বিষয়ে প্ৰকাশ কৰে। মহানগৰীৰ এখন জিলা চিকিৎ‍সালয়, এটা সমূহীয়া স্বাস্থ্য কেন্দ্র, দুখন প্রাথমিক চিকিৎসা কেন্দ্ৰ আৰু ৪৭ টা প্ৰাথমি...

November 30, 2024 7:10 PM

views 77

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রীৰ আহ্বান

ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱত উপস্থিত বিশেষজ্ঞসকলৰ পৰা যিমান সম্ভৱ সিমান শিকিবলৈ অংশগ্ৰহণকাৰী শিক্ষাৰ্থীসকলক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। মহোৎসৱখনক শিকাৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰিবলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায়। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চি আই এছ আৰ, বিজ্ঞান প্ৰযুক্তি মন্ত্ৰ্যালয় আৰু ভূ-বিজ্ঞান মন্ত্ৰ্যালয়ৰ উদ্যোগত আজিৰ পৰা আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ...

November 30, 2024 6:15 PM

views 43

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ'ব লাগিব। SOCIAL MEDIA অর্থাৎ সামাজি...

November 29, 2024 9:12 PM

views 47

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ গণ্ডিয়া জিলাৰ সাদাক অৰ্জুনীত আজি বিয়লি সংঘটিত এটা দুৰ্ঘটনাত কমেও ৯ জন লোকৰ মৃত্যু হয়। ভাণ্ডাৰাৰ পৰা গণ্ডিয়ালৈ গৈ থকা ৰাজ্যিক পৰিবহণ বাছখন বিন্দ্ৰাভন টোলা গাঁৱৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। দুৰ্ঘটনাটোত ৯ জন লোকৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ৩০ জন লোক আহত হয়। আহতসকলক গণ্ডিয়া জিলা চিকিৎসালয়লৈ ভর্তি কৰোৱা হয়। উপ-মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক সহায় কৰিবলৈ জিলা বিষয়াসকলক নির্দেশ দিছে। মুখ্যমন্ত্রী একনাথ সিন্ধে ই এই দুৰ্ঘটনাত...