অসমৰ অনিকেশ দত্তই জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল’ৰাৰ একক শাখাত চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। আজি অনুষ্ঠিত ফাইনেলত অনিকেশে ৰাজস্থানৰ সাতৱিক আগৰৱালাক ২১- ১৭, ২১–৭ত পোনপটীয়া ব্যৱধানত পৰাস্ত কৰে। আনহাতে ১৩ বছৰ অনুৰ্ধৰ ছোৱালীৰ একক শাখাত অসমৰ বেদাগ্নি গগৈ ৰানাৰ্ছ আপতে ক্ষান্ত থাকিবলগীয়া হয়। ফাইনেলত বেদাগ্নি তেলেংগানাৰ হামছিনি চাদৰামৰ বিৰুদ্ধে পৰাজিত হয়। মুখ্যমন্ত্ৰী তথা অসম বেডমিণ্টন সন্থাৰ সভাপতি হিমন্ত বিশ্ব শৰ্মা আৰু সম্পাদক ওমৰ ৰছিদে দুয়োগৰাকী খেলুৱৈক শুভেচ্ছা জ্ঞাপন কৰে।
Assamese | November 30, 2024 8:18 PM | Akashvani
জম্মু-কাশ্মীৰত অনুষ্ঠিত ৩৬ সংখ্যক চাব জুনিয়ৰ ৰাষ্ট্ৰীয় বেডমিণ্টন প্রতিযোগিতাত ল’ৰাৰ একক শাখাত অনিকেশ দত্তৰ চেম্পিয়নৰ সন্মান অৰ্জন