আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ’ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ’ব লাগিব। SOCIAL MEDIA অর্থাৎ সামাজিক মাধ্যমত কাম কৰাৰ অভিজ্ঞতা থকা প্রার্থীক অগ্ৰাধিকাৰ দিয়া হ’ব। এই বিষয়ে বিশদ জানিবলৈ ইচ্ছুক প্রার্থীসকলে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৱেবছাইট www.newsonair.gov.in আৰু আকাশবাণীৰ জাননী ফলক চাব পাৰে।
Assamese | November 30, 2024 6:15 PM | Akashvani | Akashvani Guwahati | Akashvani News
আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW