December 5, 2024 8:50 PM

views 45

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ সৰ্বাংগীণ উন্নয়নৰ লক্ষ্যৰে সমগ্ৰ অসমত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা তৃতীয় স্বাস্থ্য সেৱা উৎসৱৰ আজি সামৰণি পৰে। ২০২২ বৰ্ষৰ পৰা ৰাজ্যখনৰ স্বাস্থ্য খণ্ডৰ সৰ্বাত্মক মূল্যায়নৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে। এই উৎসৱৰ সময়ছোৱাত ৰাজ্যৰ প্ৰায় এহেজাৰ ছশ স্বাস্থ্য কেন্দ্ৰত চিকিৎসা সেৱা আৰু আন্তঃগাঁথনি মূল্যায়ন কৰা হয় ৷ আমাৰ আগৰ বাতৰিত কোৱা হৈছে যে কামৰূপ মহানগৰ জিলাৰ ৫৬টা স্বাস্থ্য কেন্দ্র, শিৱসাগৰৰ ৪৫ খন চিকিৎসালয়, মাজুলীৰ ১৬টা স্বাস্থ্য কেন্দ্ৰ, দৰং জিলাত ৪৭টা...

December 5, 2024 8:34 PM

views 39

২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল ঘোষণা

২০২২ বৰ্ষৰ এপ্ৰিল মাহৰ পৰা ২০২৩ বৰ্ষৰ মাৰ্চ মাহলৈ উদ্যোগসমূহৰ বাৰ্ষিক জৰীপৰ ফলাফল আজি ঘোষণা কৰা হয়। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ে আজি এই বছৰেকীয়া ফলাফল প্ৰকাশ কৰে। এই বছৰেকীয়া জৰীপেই হৈছে দেশৰ তথ্যসমূহৰ সন্দৰ্ভত সঠিক তথ্য লাভ কৰাৰ প্ৰধান উৎস বুলি পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰী ৰাও ইণ্ডৰজিতে জানিবলৈ দিয়ে।

December 5, 2024 8:15 PM

views 26

নগাঁৱৰ শোলমাৰীত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

নগাঁৱৰ শোলমাৰীত আজি নিচেই পুৱা বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। লোকজনৰ পৰিচয় বৰ্তমানেও জানিব পৰা হোৱা নাই। নগাঁৱৰ বিভিন্ন প্ৰান্তত প্ৰায় এটা পষেক ধৰি বনৰীয়া হাতীৰ বৃহৎ জাকে উপদ্ৰৱ চলাই আহিছে বুলি জানিব পৰা গৈছে।

December 5, 2024 8:08 PM

views 41

সৰুপথাৰত কাইলৈৰ পৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন

সৰুপথাৰত কাইলৈৰ পৰা ৯ ডিচেম্বৰলৈ নেপালী সাহিত্য সভাৰ ষোড়শ ত্রিবার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। এই অধিৱেশনত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ কেইবাগৰাকীও সাহিত্যিকে অংশগ্রহণ কৰিব। ৯ ডিচেম্বৰত সভাৰ মুকলি অধিৱেশনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা অধিৱেশনত উপস্থিত থকাৰ কথা।

December 5, 2024 8:06 PM

views 38

বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য

দুদিনীয়া ভ্ৰমণসূচীৰে কালি নগাঁৱত উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আজি বঢ়মপুৰ অন্ধ উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয়। বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে প্ৰাৰ্থনাৰে ৰাজ্যপালগৰাকীক আদৰণি জনোৱাৰ পাছত মত বিনিময় অনুষ্ঠান সম্পন্ন হয়। ৰাজ্যপাল শ্ৰীআচাৰ্যই শিক্ষাৰ্থীসকলৰ মাজত স্মার্টফোন আৰু ইলেকট্রনিক লাখুটি বিতৰণ কৰে।উল্লেখযোগ্য যে আজি পুৱাৰ ভাগত ৰাজ্যপালগৰাকী মহামৃত্যুঞ্জয় মন্দিৰত উপস্থিত হৈ পূজা-অৰ্চনাত ভাগ লয়। বিধায়ক জিতু গোস্বামী আৰু জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে শ্রীআচাৰ্যক সংগ ...

December 5, 2024 8:05 PM

views 48

অসম লোকসেৱা আয়োগৰ সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা

অসম লোকসেৱা আয়োগে আজি সংযুক্ত প্রতিযোগীতামূলক পৰীক্ষা-২০২৩ৰ ফলাফল ঘোষণা কৰে। আয়োগে অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু সংলগ্ন সেৱাৰ মুঠ ২৩৫ গৰাকী প্ৰাৰ্থী নিযুক্তিত অনুমোদন দিছে। চিৰঞ্জীৱ ফুকনে ৮৭২ নম্বৰেৰে প্ৰথম স্থান লাভ কৰে। এনিশা বুঢ়াগোহাঁইয়ে ৮২৩ নম্বৰ লাভ কৰি মহিলা প্ৰাৰ্থীৰ ভিতৰত প্ৰথম স্থান দখল কৰে। হিমান্দ্ৰি জিতা বৰাই তৃতীয় স্থান আৰু মৃগাক্ষী বৰুৱাই চতুর্থ স্থান লাভ কৰে। পঞ্চম স্থান দখল কৰে টুটুমণি কাকতিয়ে। প্ৰথম দহৰ ভিতৰত থকা আন স্থানপ্ৰাপক সকলৰ ভিতৰত আছে মৃদুস্মিতা ৰয়, মেৰী কলিতা...

December 5, 2024 8:02 PM

views 161

নতুন সাহিত্য পৰিষদৰ ৰাজ্যিক পৰ্যায়ৰ সাহিত্য প্ৰতিযোগিতা

ৰাজ্যখনৰ অগ্ৰণী প্ৰগতিবাদী সাহিত্য সংগঠন নতুন সাহিত্য পৰিষদৰ অহা ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া দ্বি—বাৰ্ষিক ৰাজ্যিক সন্মিলন উপলক্ষে ৰাজ্যিক ভিত্তিক অসমীয়া প্ৰগতিবাদী গল্প, কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব বুলি সন্মিলনৰ আদৰণী সমিতিয়ে এক বিবৃতিযোগে জনাইছে৷ পঞ্চাশ বছৰ অনূৰ্ধ্বৰ সকলোৱে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব৷ এই প্ৰতিযোগিতাত গল্পৰ বাবে বিপুল খাটনিয়াৰ বঁটা,কবিতাৰ বাবে বিজনলাল চৌধুৰী বঁটা আৰু প্ৰবন্ধৰ বাবে মুকুট ভট্টাচাৰ্য সোঁৱৰণী বটা আগবঢ়োৱা হ’ব। বিজয়ী প্ৰতিযোগীসকলক...

December 3, 2024 5:03 PM

views 29

গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলত হিংসাত্মক পৰিস্থিতিত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি

দক্ষিণ-পূব গায়েনাৰ এনজেৰেকোৰ চহৰত এখন ফুটবল খেলৰ সময়ত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ ফলত পদপিষ্ট হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। সামাজিক মাধ্যমৰ এটা বার্তাযোগে গায়েনাৰ ৰাষ্ট্ৰপতি মামাদি ডুমবৌয়াই শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। তেওঁ কয় যে, এই মর্মান্তিক ঘটনাত ক্ষতিগ্রস্তসকলক প্ৰাৰম্ভিক সঁহাৰি দিবলৈ চৰকাৰে সকলো প্ৰচেষ্টা চলাইছে।তদুপৰি এই ঘটনাৰ ক্ষয় ক্ষতি মূল্যায়নৰ বাবে প্রধানমন্ত্রী আমাডৌ আউৰি বাহৰ নেতৃত্বত এটা জৰুৰীকালীন অভিযান কাৰ্যকৰী কৰা হৈছে। এই ঘটনাৰ ...

December 3, 2024 4:58 PM

views 51

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ব্রডকাষ্ট এছিছটেণ্ট পদৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে দিনৰ ১০ বজাৰ পৰা বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্রহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, SOCIAL MEDIA অর্থাৎ সামাজিক মাধ্যমত কাম কৰাৰ অভিজ্ঞতা, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগ...

November 30, 2024 8:51 PM

views 48

বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে

সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰোণৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৪৪০ কিলোগ্ৰাম হেৰ’ইনৰ তুলনাত এইবাৰ ২৫৪ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে। বি এছ এফৰ অহৰহ পহৰা দিয়াৰ ফলত চলিত বৰ্ষত এই পৰিমাণ হ্ৰাস পাইছে। বি এছ এফে লগতে পাঞ্জাৱ সীমান্তত ৩টা পাকিস্তানী অনুপ্ৰৱেশকাৰী আৰু দুটা সৰবৰাহকাৰীসহ ৩০ জন পাকিস্তানী নাগৰিকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে...