সীমান্ত সুৰক্ষা বাহিনী বি এছ এফে চলিত বৰ্ষত এতিয়ালৈকে পাঞ্জাৱ সীমান্তইদি ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিবলৈ সমৰ্থ হৈছে। বিগত বৰ্ষৰ তুলনাত জব্দ কৰা দ্ৰোণৰ সংখ্যা দুগুণলৈ বৃদ্ধি পাইছে। বিগত বৰ্ষৰ ৪৪০ কিলোগ্ৰাম হেৰ’ইনৰ তুলনাত এইবাৰ ২৫৪ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে। বি এছ এফৰ অহৰহ পহৰা দিয়াৰ ফলত চলিত বৰ্ষত এই পৰিমাণ হ্ৰাস পাইছে। বি এছ এফে লগতে পাঞ্জাৱ সীমান্তত ৩টা পাকিস্তানী অনুপ্ৰৱেশকাৰী আৰু দুটা সৰবৰাহকাৰীসহ ৩০ জন পাকিস্তানী নাগৰিকক কৰায়ত্ত কৰিবলৈ সমৰ্থ হৈছে।
Assamese | November 30, 2024 8:51 PM | Akashvani | BSF | India
বি এছ এফে চলিত বৰ্ষত বৰ্তমানলৈকে পাঞ্জাৱ সীমান্তৰে ভাৰতলৈ মাদক দ্রব্য, অস্ত্ৰ-শস্ত্ৰ সৰবৰাহ কৰা ২৪৫ খন ড্রোণ জব্দ কৰিছে