ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে, সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে পৰস্পৰৰ উদ্বেগ, ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্তৰ প্ৰতি সন্মান পূর্ব চৰ্ত স্বৰূপ। নতুন দিল্লী মহলে ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অহৰহ কৈ আহিছে বুলি তেওঁ মন্তব্য কৰে।
Assamese | November 28, 2024 8:37 PM | Akashvani | Akashvani News
ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে