গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা মুক্তিথ নামৰ এখন বিনামুলীয়া বাহন মুকলি কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ফেডাৰেল বেংক পল্টন বজাৰ শাখাৰ সহযোগত মুকলি কৰা এই সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশৰণীয়াই কয়, যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিনামুলীয়াকৈ আগবঢ়োৱা এই সেৱাই সৰ্বসাধাৰণ ৰাইজক বিশেষ সুবিধা আগবঢ়াব। অন্তেষ্টিক্ৰিয়াৰ খৰছ বহন কৰিব নোৱাৰা পৰিয়ালক সকাহ দিয়াৰ বাবে এই সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়। এই মুক্তিৰথ বাহনখনৰ বাবে জনসাধাৰণক ৮৮১১০ ০৭০০০ নম্বৰত যোগাযোগ কৰিবলৈ মেয়ৰ শ্ৰীশৰণীয়াই আহ্বান জনায়।
Assamese | November 29, 2024 8:13 PM | Akashvani | Akashvani News
গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা ‘মুক্তিথ’ নামৰ এখন বিনামুলীয়া বাহন মুকলি