আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োক আজি আকাশবাণীৰ সমূহ বিষয়া-কৰ্মচাৰীয়ে তেওঁ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ কৰাৰ বাবে আনুষ্ঠানিকভাৱে অভিনন্দন জনায়। শ্ৰী বড়োৱে দূৰদৰ্শনৰ উত্তৰ-পূব অতিৰিক্ত সঞ্চালক প্ৰধানৰ কাৰ্যালয়ত অভিযান্ত্ৰিক শাখাৰ উপ-মহা নিৰ্দেশকৰ নতুন পদত যোগদান কৰিব। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ উপ-সঞ্চালকপ্ৰধান ৱালিউল্লা খান, বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰ, অনুষ্ঠান শাখাৰ মুৰববী কাৰ্তিক সূত্ৰধৰ আৰু অন্যান্যসকলে শ্ৰী বড়োৰ বহুমুখী প্রতিভা আৰু উদ্ভাৱনী চিন্তা সকলোৰে বাবে আদৰ্শ হৈ থাকিব বুলি মন্তব্য কৰে। অভিনন্দন গ্ৰহণ কৰি শ্ৰী বড়োৱে তেওঁ সদায়ে আকাশবাণী পৰিয়ালৰ অংশ হৈ আছিল আৰু হৈ থাকিব বুলি মন্তব্য কৰে ।
Assamese | November 22, 2024 7:01 PM | Akashvani
উপ-সঞ্চালকপ্ৰধান ৰূপে পদোন্নতি লাভ আকাশবাণী গুৱাহাটীৰ অভিযান্ত্ৰিক শাখাৰ সঞ্চালক ৰবিন চন্দ্ৰ বড়োৰ