December 6, 2024 10:36 AM

views 62

বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ ২জন নতুন কাৰ্যবাহী সদস্য মনোনীত ৰাজ্যপালৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচার্যই বড়োলেণ্ড আঞ্চলিক পৰিষদ বিধান পালিকালৈ দুজন নতুন কাৰ্যবাহী সদস্য মনোনীত কৰিছে। এওঁলোক হৈছে সজল কুমাৰ সিংহ আৰু ছাইকং বসুমতাৰী। বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ পৰামৰ্শ অনুসৰি এই দুজন সদস্যক কার্যবাহী সদস্যৰূপে নিযুক্তি দিয়া হৈছে। এই নতুন অন্তৰ্ভুক্তিৰ ফলত বি টি চিত বিভিন্ন শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতিনিধিত্ব বৃদ্ধি পোৱাৰ লগতে কাৰ্যবাহী পৰিষদৰ কার্যক্ষমতা অধিক বৃদ্ধি পাব বুলি আমাৰ কোকৰাঝাৰৰ সংবাদদাতাই জনাইছে।

November 30, 2024 8:05 PM

views 56

তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত সভা

তামুলপুৰ জিলাত তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনি ৰূপায়ণ সন্দৰ্ভত আলোচনাৰ বাবে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত পংকজ চক্ৰৱৰ্তীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত আয়ুক্তগৰাকীয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি থকা হিতাধিকাৰীসকলেও তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব লাগিব বুলি মন্তব্য কৰে। নতুন হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিবলৈ জিলাখনৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত একোখন সমিতি গঠনৰ বাবেও সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৪৭০ টা ভোটগ্রহণ কেন্দ্ৰৰ প্ৰতিটোতে গাওঁসভা অনুষ্ঠিত ক...

November 30, 2024 6:15 PM

views 43

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্রার্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ'ব লাগিব। SOCIAL MEDIA অর্থাৎ সামাজি...

November 29, 2024 8:29 PM

views 49

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জিলাখনৰ ৩৬ খন চিকিৎসালয়ক অন্তর্ভুক্ত কৰি এই সেৱা উৎসৱ অনুষ্ঠিত হ'ব। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে ভাৰতীয় অসামৰিক সেৱা বিষয়াকে ধৰি ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকিব। ৩ দিনীয...

November 29, 2024 8:27 PM

views 62

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত ২ দিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা

লখিমপুৰ জিলা দুর্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ উদ্যোগত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দুদিনীয়াকৈ জিলা পৰ্যায়ৰ তাৎক্ষণিক সঁহাৰি ব্যৱস্থাৰ প্ৰশিক্ষণ আৰু আখৰা অনুষ্ঠিত হয়। এই কার্যসূচীত জিলাখনৰ বিভিন্ন বিভাগৰ লগতে এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। প্রাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ সময়ত বিষয়া কৰ্মচাৰীসকলে বিভাগ অনুসৰি নিজৰ নিজৰ দায়িত্ব কিদৰে তাৎক্ষণিকভাৱে পালন কৰিব লাগে সেই সন্দৰ্ভত প্রয়োজনীয় প্রশিক্ষণ দিয়া হয়। প্রশিক্ষণ কাৰ্যসূচীৰ আজি অন্তিম দিন...

November 29, 2024 8:15 PM

views 50

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দল দুদিনীয়া ভ্ৰমণসূচীৰে তিনিচুকীয়া উপস্থিত

অসম বিধানসভাৰ ৰাজহুৱা হিচাপ নিৰীক্ষণৰ এটা দলে দুদিনীয়া ভ্ৰমণসূচীৰে আজি তিনিচুকীয়া জিলাত উপস্থিত হয়। বিধায়ক নুৰল হুদাৰ নেতৃত্বত যোৱা দলটোৱে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ সন্দৰ্ভত পর্যবেক্ষণ কৰাৰ লগতে অগ্রগতি সন্দৰ্ভত বুজ লব। বিধানসভাৰ সজাতি দলটোৱে তিনিচুকীয়া জিলা প্ৰশাসনৰ সৈতে পর্যালোচনা বৈঠকতো অংশগ্ৰহণ কৰিব।

November 29, 2024 8:00 PM

views 26

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰত WALK-IN INTERVIEW

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগত অংশকালীন ব্রডকাষ্ট এছিছটেণ্ট নিয়োগৰ বাবে অহা ৫ ডিচেম্বৰ বৃহস্পতিবাৰে বাতৰি বিভাগৰ সঞ্চালকৰ কক্ষত এটা WALK-IN INTERVIEW অনুষ্ঠিত হ'ব। ২১ বছৰৰ পৰা ৪৫ বছৰ বয়সৰ স্নাতক প্ৰাৰ্থীয়ে এই সাক্ষাৎকাৰত অংশগ্ৰহণ কৰিব পাৰিব। প্ৰাৰ্থীৰ কম্পিউটাৰ বিষয়ক সম্যক জ্ঞান, আকাশবাণীৰ বাতৰি আৰু অনুষ্ঠান সম্পৰ্কীয় সাধাৰণ জ্ঞান থকাৰ লগতে কণ্ঠ বাণীবন্ধন আৰু সম্পাদনাৰ জ্ঞান থাকিব লাগিব। প্রার্থী গুৱাহাটী মহানগৰীৰ ভৌগোলিক পৰিসীমাৰ ভিতৰত বাস কৰা হ’ব লাগিব ৷ SOCIAL MEDIA অর্থাৎ সামাজ...

November 29, 2024 6:38 PM

views 52

গুৱাহাটী পৌৰ নিগমৰ ‘মুক্তিৰথ’ সেৱাৰ শুভাৰম্ভ

গুৱাহাটীবাসীলৈ জনমুখী সেৱা আগবঢোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে আজি গুৱাহাটী পৌৰ নিগমে ‘মুক্তিৰথ’ শীৰ্ষক এক বিশেষ সেৱাৰ শুভাৰম্ভ কৰে। ফেডাৰেল বেংকৰ সহযোগত হাতত লোৱা এই বিশেষ শৱদেহ কঢ়িওৱা বাহনৰ সেৱা গুৱাহাটীবাসী ৰাইজলৈ আনুষ্ঠানিকভাৱে উৎসৰ্গা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত উপ-মেয়ৰ স্মিতা ৰয় আৰু আয়ুক্ত মেঘনিধি দাহালকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুক্তিৰথ হৈছে এক বিনামূলীয়া শৱদেহ কঢ়িওৱা বাহনৰ সেৱা, যি নাগৰিকৰ প্ৰাত্যহিক জীৱনৰ প্ৰ...

November 28, 2024 7:58 PM

views 41

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন

বৰপেটা জিলাত অহা ৩ ডিচেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ স্বাস্থ্য সেৱা উৎসৱৰ আয়োজন কৰা হৈছে। এই স্বাস্থ্য উৎসৱত জিলাখনৰ স্বাস্থ্য বিভাগৰ অধীনৰ ৰাজহুৱা খণ্ডৰ ৬৮ খন বিভিন্ন পৰ্যায়ৰ চিকিৎসালয়ক সামৰি লোৱা হ'ব। জিলাখনৰ স্বাস্থ্য বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত গীতাশ্রী লাচিতে এই সন্দৰ্ভত সংবাদমেলযোগে তথ্য প্ৰকাশ কৰে। এই স্বাস্থ্য উৎসৱত পর্যবেক্ষকৰ দলে চিকিৎসালয় তথা স্বাস্থ্য কেন্দ্ৰবোৰৰ সকলো দিশ পৰ্যবেক্ষণ কৰাৰ লগতে স্বাস্থ্য কেন্দ্ৰৰ কৰ্তৃপক্ষৰ উপৰি ৰোগী আৰু স্থানীয় লোকৰ সৈতে মত-বিনিময় কৰিব।

November 28, 2024 6:24 PM

views 35

১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ এফ এম ১০০.৮ মেগাহার্টজত, বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত দিনৰ আৰু সন্ধিয়াৰ মুখ্য বাতৰিৰ প্ৰচাৰৰ সময়সূচী সামান্য সালসলনি

অহা ১ ডিচেম্বৰৰ পৰা আকাশবাণী গুৱাহাটীৰ এফ এম ১০০.৮ মেগাহার্টজত, বিবিধ ভাৰতী চেনেলৰ পৰা প্ৰচাৰিত দিনৰ আৰু সন্ধিয়াৰ মুখ্য বাতৰিৰ প্ৰচাৰৰ সময়সূচী সামান্য সালসলনি ঘটোৱা হৈছে। এই অনুসৰি দিনৰ ১০ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি সেইদিনাৰ পৰা পুৱা ৭ বাজি ২৮ মিনিটত আৰু সন্ধিয়া ৬ বাজি ১৫ মিনিটত প্ৰচাৰিত মুখ্য বাতৰি নিশা ৮ বাজি ২৮ মিনিটত প্ৰচাৰ কৰা হ'ব।