December 28, 2024 8:39 PM

views 52

কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠান

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ ১১ বজাত আকাশবাণীৰ ‘মন কী বাত’ অনুষ্ঠানৰ জৰিয়তে দেশ-বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাব ব্যক্ত কৰিব। এয়া হ’ব অনুষ্ঠানটোৰ ১১৭ সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি airnews ৱেৱছাইট আৰু newsonair মোবাইল এপত শুনিবলৈ পোৱা যাব। প্রধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউৱ চেনেল যোগেও এই অনুষ্ঠানৰ লাইভ ষ্টিমিং কৰা হ’ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প...

December 19, 2024 8:16 PM

views 42

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰ

দক্ষিণ শালমৰা মানকাচৰৰ সাহাপাৰাত থকা সীমান্ত সুৰক্ষা বাহিনীৰ শিবিৰত আজি ৪৫ নম্বৰ বেটেলিয়নে দিনজোৰা কাৰ্যসূচীৰে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে। এই শিবিৰত সীমান্তৱৰ্ত্তী গাঁৱৰ ৫০০ৰো অধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ঔষধ বিতৰণ কৰা হয় । সীমান্ত অঞ্চলত বসবাস কৰা লোকসকলৰ সৈতে সীমান্ত সুৰক্ষা বাহিনীয়ে সুসম্পৰ্ক ৰক্ষা বিশেষ কাৰ্যসূচীৰ অংশ হিচাপে এই স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এনে পদক্ষেপসমূহৰ জৰিয়তে বাহিনীটোৱে সীমান্ত অঞ্চলত বিভিন্ন অপৰাধমূলক কাৰ্য প্ৰতিহত কৰি আহিছে।

December 19, 2024 7:44 PM

views 48

বানৰ সময়ত দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত ৰাজ্যজুৰি অনুশীলন কার্যসূচী ৰূপায়ণ

ৰাজ্যত প্ৰতি বছৰে বানৰ সময়ত হোৱা দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত আজি ৰাজ্যজুৰি এলানি অনুশীলন কার্যসূচী ৰূপায়ণ কৰা হয়। নগাঁও জিলা দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই আজি এলানি অনুশীলন কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি জিলাখনৰ বিভিন্ন স্থানক মঞ্চায়ন এলেকা, বানপীড়িত লোকৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান এলেকা, সাহায্য শিবিৰ, চিকিৎসা প্রদান কেন্দ্ৰ হিচাপে লৈ ফিল্ড ড্ৰীল আৰু আখৰামূলক অনুশীলন অনুষ্ঠিত কৰা হয়। ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা ...

December 19, 2024 5:55 PM

views 55

বিত্তীয় অনিয়মৰ গোচৰত চি বি আইৰ গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত ৩ গৰাকী অভিযুক্তৰ বিৰুদ্ধে পৰিপূৰক অভিযোগনামা দাখিল

কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইয়ে বিত্তীয় অনিয়মৰ গোচৰত গুৱাহাটীত সংস্থাটোৰ বিশেষ আদালতত তিনিগৰাকী অভিযুক্তৰ বিৰুদ্ধে এখন পৰিপূৰক অভিযোগনামা দাখিল কৰিছে। ছবিন বৰ্মন, দিপালী তালুকদাৰ বৰ্মন আৰু মুকেশ আগৰৱাল নামৰ লোক তিনিজনৰ বিৰুদ্ধে এই অভিযোগনামা দাখিল কৰা হৈছে। তিনিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ ৩ মাহৰ ভিতৰতে অভিযোগনামা দাখিল কৰা হয়। অভিযুক্ত লোককেইজন সম্প্রতি ন্যায়িক জিম্মাত আছে। ইপিনে এই গোচৰত ইতিমধ্যে অভিযোগনামা দাখিল হোৱা মনালিছা দাস নামৰ অভিযুক্তগৰাকীৰ বিৰুদ্ধে অতিৰিক্ত তথ্য প্রমা...

December 19, 2024 5:41 PM

views 58

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’বঃ মুখ্যমন্ত্রী

ৰাজভৱনৰ সন্মুখত কোনোধৰণৰ বিক্ষোভ কাৰ্যসূচীৰ বাবে এতিয়াৰে পৰা অনুমতি প্ৰদান কৰা নহ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে প্রতিবাদ সাব্যস্ত কৰাৰ বাবে ইতিপূৰ্বে নিৰ্দিষ্ট স্থান নিৰ্ধাৰণ কৰি দিয়া হৈছে। ৰাজ্যপালৰ সাংবিধানিক পদ মর্যাদা দলীয় ৰাজনীতিৰ উৰ্ধত বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে কালি কংগ্ৰেছ দলৰ নেতাসকলে আৰক্ষীৰ বেষ্টনী ভংগ কৰি ৰাজভৱনত বলপূৰ্বকভাৱে প্ৰৱেশৰ চেষ্টা চলোৱাৰ লগতে বিশৃংখলতাৰ সৃষ্টি কৰিছিল। আৰক্ষীয়ে এজাহাৰ পঞ্জীয়ন কৰি এই সন্দৰ্ভত ৰেকৰ্ড হো...

December 18, 2024 10:47 AM

views 58

ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰ

২০২৪-২৫ বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহৰ আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা ২০ ডিচেম্বৰত উকলি যাব। হিতাধিকাৰী অসম সমবায় সমিতি আইন ২০০৭ৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ ২০২১-২২, ২০২২-২৩ আৰু ২০২৩-২৪ বিত্তীয় বৰ্ষৰ যথা বিধি পৰীক্ষণ হোৱাটো বাঞ্চনীয়। তদুপৰি বিগত ৩ বছৰ ধৰি নিয়মিতভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিসমূহকহে এই সাহায্যৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। সাধাৰণ ক্ষেত্ৰৰ সমবায় সমিতিসমূহৰ লগতে ৰাজ্যিক পৰ্যায়ৰ যোগ্য সম...

December 18, 2024 10:40 AM

views 54

আজি অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন

অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে আজীৱন উদাত্ত কণ্ঠেৰে মাত মাতি জাতীয় চেতনাৰ সঞ্চাৰ কৰা অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্মদিন উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্রদ্ধা নিবেদন কৰা হৈছে। স্বাধীনতা সংগ্রামী, কবি, নাট্যকাৰ, গায়ক, গদ্য লেখক, সংবাদসেৱী ৰায়চৌধুৰীক তেজোদিপ্ত ধ্যান-ধাৰণা আৰু চেতনাৰ সঞ্চাৰকাৰী কৰ্ম আৰু সৃষ্টিৰাজিৰ বাবে অসম কেশৰী উপাধিৰে বিভূষিত কৰা হৈছিল। ১৯৫০ চনত মাৰ্ঘেৰিটাত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিৰ পদ অলংকৃত কৰিছিল। ১৯৬৫ চনত সাহিত্য একাডেমী বঁটাৰে সন্মানিত ৰা...

December 14, 2024 2:16 PM

views 53

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতাৰ বাবে আগ্ৰহী প্রার্থীৰ পৰা আবেদনৰ আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিতৰত সম্পূৰ্ণ আবেদন পত্র The Head of Office, Akashvani, Guwahati, Guwahati-781003 লৈ পঠাব লাগিব। প্রার্থীয়ে নিজ হাতেও আবেদন পত্র জমা দিব পাৰে।

December 13, 2024 7:50 PM

views 39

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ ৩গৰাকী ছাত্ৰীৰ অসমলৈ গৌৰৱ

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ তিনিগৰাকী ছাত্ৰীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটে-৩৬ কিলোগ্রাম শাখাত তানায়া নাথে সোণৰ পদক অৰ্জন কৰিছে। ইপিনে পঞ্জাবৰ লুধিয়ানাত চলি থকা একে প্রতিযোগিতাত সুনয়না গগৈয়ে ১৪ বছৰ অনুৰ্ধৰ কুমিটে-৩৪ কিলোগ্রাম শাখাত আৰু ৰশ্মি প্রধানে কুমিটে-৪২ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই প্রতিযোগিতাখন যোৱা ১১ ডিচেম্বত আৰম্ভ হৈছে আৰু অহা ১৭ ডিচেম্বৰত সামৰণি পৰিব। সদৌ অসম কাৰাট...

December 9, 2024 2:27 PM

views 62

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত আলোচনা

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যক্ষ্মা বিভাগৰ ডি ডি জি অধ্যাপক ঊর্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ পালমুনাৰী চিকিৎসা বিভাগৰ অধ্যাপক ডা০ বিজয় হাড্ডাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক যক্ষ্মা ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎ‍সা সন্দৰ্ভ...