৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ তিনিগৰাকী ছাত্ৰীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটে-৩৬ কিলোগ্রাম শাখাত তানায়া নাথে সোণৰ পদক অৰ্জন কৰিছে। ইপিনে পঞ্জাবৰ লুধিয়ানাত চলি থকা একে প্রতিযোগিতাত সুনয়না গগৈয়ে ১৪ বছৰ অনুৰ্ধৰ কুমিটে-৩৪ কিলোগ্রাম শাখাত আৰু ৰশ্মি প্রধানে কুমিটে-৪২ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই প্রতিযোগিতাখন যোৱা ১১ ডিচেম্বত আৰম্ভ হৈছে আৰু অহা ১৭ ডিচেম্বৰত সামৰণি পৰিব। সদৌ অসম কাৰাটে সন্থাই সুনয়না আৰু ৰশ্মিৰ এই সাফল্যত খেলুৱৈ দুগৰাকীলৈ অভিনন্দন জ্ঞাপন কৰিছে।
Assamese | December 13, 2024 7:50 PM | Akashvani | Akashvani Guwahati | Assam | SPORTS
৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ ৩গৰাকী ছাত্ৰীৰ অসমলৈ গৌৰৱ