January 8, 2025 8:50 PM

views 34

দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট

নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত আজি ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে অসম ন্যায়িক সেৱাৰ পৰীক্ষা আৰু কেন্দ্ৰীয় শৈক্ষিক যোগ্যতা পৰীক্ষাত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমৰ হাইস্কুলক উন্নীত কৰা, মডেল হাইস্কুল স্থাপন কৰা, বড়ো মাধ্যমৰ খালী পদত শিক্ষক নিযুক্তি দিয়া, বিটিআৰ চুক্তিৰ সংশ্লিষ্ট দফা কাৰ্যকৰী কৰা আদি কেইবাটাও দাবী সম্বলিত একোখনকৈ স্মাৰক পত্ৰও ধৰ্ম...

January 8, 2025 8:48 PM

views 64

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্রোতাসকলে WHATSAPP NO. ১৮৬৪0-55566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

January 7, 2025 9:00 PM

views 27

তিনিচুকীয়া জিলা ভ্ৰমনেৰে বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী বি এল বার্মাৰ

কেন্দ্ৰীয় অসামৰিক যোগান, গ্রাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে।

January 7, 2025 8:58 PM

views 72

দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো খালী হৈ আছিল। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত দুগৰাকী বিষয়া মৃগেশ নাৰায়ণ বৰুৱা আৰু ভাস্কৰ ফুকনে বৰ্তমান অসম লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

January 4, 2025 1:42 AM

views 44

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া অহা দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই পৰ্যায়ত বাংলাদেশত আবদ্ধ হৈ থকা ৯৫গৰাকী ভাৰতীয় আৰু ভাৰতত আবদ্ধ হৈ থকা ৯০গৰাকী বাংলাদেশী মাছমৰীয়াক মুকলি কৰি দিয়া হ'ব। মন্ত্ৰ্যালয়ে কালি প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৯৫জন ভাৰতীয় মাছমৰীয়াক ইতিমধ্যে বাংলাদেশ উপকূলৰক্ষী বাহিনীক গতাই দিয়াৰ পাছত তেওঁলোকক ভাৰতীয় উপকূলৰক্ষী বাহিনীক গতাই দিয়া আৰু ইয়াৰ বিনিময় হিচাপে বাংলাদেশী মাছমৰীয়াসকলক ভ...

January 2, 2025 4:43 PM

views 37

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন এফ এম ট্রান্সমিটাৰ উদ্বোধনৰ প্ৰস্তুতি সম্পর্কেও সঞ্চালকপ্ৰধানগৰাকীয়ে আকাশবাণীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে৷

December 30, 2024 12:43 PM

views 60

গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন

গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতার্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়।

December 30, 2024 12:33 PM

views 61

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহত বনভোজ দলৰ ব্যাপক সমাগম

বছৰটোৰ অন্তিমটো দেওবাৰত কালি বাক্সা জিলাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নাৰায়ণগুৰি বনভোজথলী বনভোজকাৰী দলেৰে ভৰি পৰে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বনভোজকাৰী দলসমূহে মানাহৰ নাৰায়ণগুৰিত থকা বেকী নৈত নৌকা বিহাৰ কৰি আনন্দ-উল্লাস কৰে বুলি বাক্সা জিলাৰ সংবাদদাতাই জনাইছে।ইফালে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বনভোজস্থলীসমূহতো কালি বনভোজ দলৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ কেইবাটাও অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশত আত্মীয়, বন্ধু-বান্ধৱৰ সৈতে ভালেসংখ্যক লোকে বনভোজৰ আনন্দ উপভোগ কৰে। নুনমাটিৰ চূণশালি, ব...

December 28, 2024 10:08 PM

views 48

কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিবেশন অনুষ্ঠিত

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অসম প্ৰদেশ শাখাৰ ৰাজ্যিক অধিবেশন লখিমপুৰ চহৰৰ মণিকাঞ্চন সমন্বয় ক্ষেত্ৰত কালিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। আজি পুৱাৰ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগুৱে ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ বিভিন্ন বিষয় আলোকপাত কৰে। দুপৰীয়াৰ ভাগত অসমৰ ভিন ভিন ৩ টা ক্ষেত্ৰত সম্ভাৱনা বহন কৰা ৩ গৰাকী উদীয়মান যুৱকক লৈ এটা অনুষ্ঠানৰ আয়োজন কৰা হয়। আবেলি উত্তৰ লখিমপুৰ চহৰৰ মাজেৰে এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অহা প্রতিনিধিসক...

December 28, 2024 10:06 PM

views 60

আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী বিশেষ ব্যক্তি

সময় আৰু সমাজৰ বিভিন্ন প্রত্যাহ্বান নেওচিও সমাজৰ একাংশ লোকে দুৰ্গতসকলৰ সমস্যাৰ সমাধানৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি প্ৰচাৰ কৰা দৃষ্টিপাত অনুষ্ঠানত নিৰলসভাৱে সমাজৰ কেইটামান উল্লেখযোগ্য দিশত কাম কৰি অহা ৩ গৰাকী ব্যক্তি কেয়াৰ ইউ-থ্রী ছিক্সটি ফাইভ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ প্ৰতিষ্ঠাপক ভৃগু বৰঠাকুৰ, সমাজৰ অৱহেলিত তথা অর্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে কাম কৰি অহা সংগঠন হেল্প এইড ফাউণ্ডেচনৰ অধ্যক্ষ অঞ্জলিনা দেৱ চৌধুৰী আৰু বাটে-পথে অৱহেলিত-অনাদৃত হৈ ঘূৰি ফুৰ...