January 27, 2025 3:08 PM

views 60

উত্তৰাখণ্ডত আজিৰে পৰা উমৈহতীয়া দেৱানী বিধি বলবৎ

আজিৰে পৰা উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি বলবৎ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত এই আইন ৰূপায়ণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, যে ইয়াৰ বাবে নিয়ম অনুমোদন আৰু চৰকাৰী প্ৰশিক্ষণকে ধৰি সকলো প্ৰস্তুতি সম্পূর্ণ হৈছে।উমৈহতীয়া দেৱানী বিধিৰ লক্ষ্য হৈছে- ব্যক্তিগত নাগৰিক আইনসমূহক মান সন্মতকৰণ কৰা, সকলো নাগৰিকৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধিৰ অধীনত জাতি, ধৰ্ম আৰু লিংগৰ ভিত্তিত বৈষম্যমূলক ব্যক্তিগত নাগৰিক বিষয়ৰ সৈতে জ...

January 27, 2025 3:01 PM

views 47

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত ম...

January 27, 2025 8:55 AM

views 57

৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কালি বিয়লি ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সন্মুখৰ মানকাটা পথত আয়োজিত কার্যসূচীত ৪ খন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ড০ শর্মাই ১৫৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া আমোলাপট্টী চাৰিআলি উৰণ সেতু, ৮৪ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া মানকটা পথ উৰুণ সেতু, ৭২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া লাহোৱাল-বৰডুবি-তিনিচুকীয়া পথ আৰু ৩৭ নম্বৰ পুৰণি ঘাইপথৰ সংযোগস্থল উৰণ সেতু, ৬২ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ'বলগীয়া লেজাই কলাখোৱা পথ উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰি ...

January 22, 2025 8:30 PM

views 37

জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি

অসম চৰকাৰে আজি জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে জাৰি কৰা নির্দেশনাত শ্রীশর্মাই উচ্চতম ন্যায়ালয়ৰ গোচৰসমূহত অসম চৰকাৰৰ পক্ষক প্রতিনিধিত্ব কৰিব বুলি কোৱা হৈছে।

January 22, 2025 8:45 PM

views 59

৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশন

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম পূর্ণাংগ অধিৱেশনখন অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈ বজালী জিলাৰ পাঠশালা নগৰৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত হ'ব। আজি অসম সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ সিংহপুরুষ বাধাগোবিন্দ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত এখন সংবাদমেলত অধিৱেশনৰ প্ৰস্তুতি সন্দৰ্ভত পাঠশালা অধিৱেশনৰ প্ৰচাৰ উপ-সমিতিয়ে সবিশেষ তথ্য সদৰি কৰে। উপ-সমিতিখনৰ সভাপতি তথা প্রাক্তন বিধায়ক মনোৰঞ্জন দাসে সংবাদমেলত কয়, যে অধিৱেশনৰ প্ৰথম দিনা পুৱা নামঘৰৰ দ্বাৰ মুকলি, ভট্টদেৱ ক্ষেত্ৰ আৰু মূল তোৰণ উদ্বোধন, ভট্টদেৱৰ ক...

January 11, 2025 8:38 PM

views 37

আজিৰে পৰা ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন

ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমু নগৰ ক্ষেত্ৰত অনুষ্ঠিত ৬৪ সংখ্যক বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশনস্থলী লোকে লোকাৰণ্য হৈ পৰে। আজি পুৱা পতাকা উত্তোলন কৰে সভাপতি ড° সুৰ্থ নাৰ্জাৰীয়ে। ছহিদ সকলক পুষ্পাঞ্জলী অর্পন, বড়ো সাহিত্য সভাৰ স্বৰ্গীয় কাণ্ডাৰী সকলক সোঁৱৰণ কৰি শ্ৰদ্ধাঞ্জলী অর্পন, সম্বৰ্ধনা আৰু বটাঁ প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লয় অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। আমন্ত্রিত অতিথি হিচাপে অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি মৃনালিনী দেবী,অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপে...

January 9, 2025 5:04 PM

views 32

আকাশবাণী গুৱাহাটীৰ অংশকালীন সংবাদদাতা পদৰ বাবে আবেদনৰ সময়সীমা কাইলৈ অন্তিম দিন

আকাশবাণী গুৱাহাটী কেন্দ্রত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ আবেদনৰ সময়সীমা কাইলৈ উকলি যাব। আগ্রহী প্রার্থীয়ে The Head of Office, Akashvani, Guwahati, Guwahati - 781003 এই ঠিকনাত কাইলৈৰ ভিতৰত আবেদন পত্ৰ জমা দিব পাৰিব। প্ৰাৰ্থীসকলে লগতে আকাশবাণীৰ গুৱাহাটীৰ কার্যালয়লৈ আহিও আবেদন পত্ৰ জমা দিব পাৰিব।

January 9, 2025 1:43 PM

views 54

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ’ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

January 9, 2025 10:43 AM

views 53

অভিনেত্রী, আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ দেহাৱসান

■ প্রবীণ বর্ষীয়ান অভিনেত্রী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ যোৱানিশা শ্বিলঙত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৪৮ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয়ে অসমীয়াৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিয়লি ফুকন, পূৱেৰুণ, সৰাপাত, লখিমী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্রিয়জন, ৰাগ-বি...

January 8, 2025 9:00 PM

views 65

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমুৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পণ্ডিত কবিগৰাকীৰ এটা পূৰ্ণাংগ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ ১৮৭২ চনৰ ৮ জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্ৰতিভাৰ অধিক...