আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত মানসিক স্বাস্থ্য সন্তুলিত কৰা আদি সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব।
Assamese | January 27, 2025 3:01 PM | AIR GUWAHATI | akashbani | Akashvani Guwahati | Akashvani News | Public speack
আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’