আজিৰে পৰা উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধি বলবৎ হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত এই আইন ৰূপায়ণ কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে উত্তৰাখণ্ড পৰিগণিত হ’ব। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয়, যে ইয়াৰ বাবে নিয়ম অনুমোদন আৰু চৰকাৰী প্ৰশিক্ষণকে ধৰি সকলো প্ৰস্তুতি সম্পূর্ণ হৈছে।উমৈহতীয়া দেৱানী বিধিৰ লক্ষ্য হৈছে- ব্যক্তিগত নাগৰিক আইনসমূহক মান সন্মতকৰণ কৰা, সকলো নাগৰিকৰ বাবে সম অধিকাৰ নিশ্চিত কৰা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে এই বিধিৰ অধীনত জাতি, ধৰ্ম আৰু লিংগৰ ভিত্তিত বৈষম্যমূলক ব্যক্তিগত নাগৰিক বিষয়ৰ সৈতে জড়িত সকলো আইনতে একতা অনাৰ প্ৰয়াস কৰা হৈছে। ২০২২ চনত উত্তৰাখণ্ডত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত এই বিধি ৰূপায়ণ কৰা বিজেপিৰ এক প্ৰতিশ্ৰুতি আছিল। শেহতীয়াকৈ ৰাজ্যৰ মন্ত্ৰী সভাই এই বিধি কাৰ্যকৰী কৰাৰ নীতি-নিয়মত অনুমোদন জনাই মুখ্যমন্ত্ৰীক ইয়াৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল।
Assamese | January 27, 2025 3:08 PM | Akashvani Guwahati | Akashvani News | Uttarakhand
উত্তৰাখণ্ডত আজিৰে পৰা উমৈহতীয়া দেৱানী বিধি বলবৎ