September 16, 2026 12:51 PM
1
উত্তৰাখণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ ২২ সংখ্যক সংস্কৰণ অনুষ্ঠিত
উত্তৰাখণ্ডৰ আউলীত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ ২২ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। আউলীৰ বিদেশী প্ৰশিক্ষণত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান কালি অনুষ্ঠিত হয়। আউলীৰ লগতে ৰাজস্থানৰ মহাজান ফিল্ড ফায়াৰিং ৰেঞ্জতো এই অনুশীলনৰ আয়োজন কৰা হৈছে। দুয়োটা বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে নিত্য নতুন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱা আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা অংশীদাৰিত্বক শক্তিশালী কৰাৰ বাবে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে দুয়ো দেশৰ সেনা বাহিনীৰ যুটীয়া সামৰ...