September 16, 2026 12:51 PM | Uttarakhand

printer

উত্তৰাখণ্ডত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ ২২ সংখ্যক সংস্কৰণ অনুষ্ঠিত

উত্তৰাখণ্ডৰ আউলীত ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুটীয়া সামৰিক অনুশীলনৰ ২২ সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে। আউলীৰ বিদেশী প্ৰশিক্ষণত এই কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠান কালি অনুষ্ঠিত হয়। আউলীৰ লগতে ৰাজস্থানৰ মহাজান ফিল্ড ফায়াৰিং ৰেঞ্জতো এই অনুশীলনৰ আয়োজন কৰা হৈছে। দুয়োটা বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি কৰাৰ লগতে নিত্য নতুন প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱা আৰু দ্বিপাক্ষিক প্ৰতিৰক্ষা অংশীদাৰিত্বক শক্তিশালী কৰাৰ বাবে এই অনুশীলনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীয়ে দুয়ো দেশৰ সেনা বাহিনীৰ যুটীয়া সামৰিক সামৰ্থ বৃদ্ধি কৰাৰ ফলত পৰ্বতীয়া বা পৰ্বতৰ কাষৰীয়া অঞ্চলৰ ভূখণ্ডত যুদ্ধ গোটত নিয়োগৰ ক্ষেত্ৰত দুয়ো দেশৰ সেনা যুদ্ধ সামৰিক শক্তি বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে ইয়াৰ ফলত পাৰস্পৰিক কাৰ্যক্ষমতা বৃদ্ধি পাব আৰু দুয়োপক্ষই উত্তম কাৰ্যকৰী সামৰিক পদ্ধতিসমূহৰ আদান-প্ৰদান কৰি যৌথ পৰিকল্পনা আৰু ৰূপায়ণ ব্যৱস্থা শক্তিশালী কৰি তুলিব। এই প্ৰশিক্ষণকালত বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ সহায় লোৱা হৈছে ।