February 14, 2025 1:10 PM | Uttarakhand

printer

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ সামৰণি অনুষ্ঠানত অমিত শ্বাহৰ অংশগ্ৰহণ

উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহৰ আজি সামৰণি পৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি হলদ্বানিত হ‘বলগীয়া সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। কেন্দ্ৰীয় ক্রীড়ামন্ত্রী মনসুখ মন্দাভিয়া, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুস্কৰ সিং ধামী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, কেন্দ্ৰীয় পথ পৰিবহণ ৰাজ্যমন্ত্ৰী অজয় টামটা আৰু ভাৰতীয় অলিম্পিক সংস্থাৰ সভাপতি তথা সাংসদ পি টি ঊষা প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি সামৰণি অনুষ্ঠানত উপস্থিত থকাৰ কথা। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৮ জানুৱাৰীত ডেৰাডুনৰ মহাৰাণা প্রতাপ ক্রীড়া মহাবিদ্যালয়ত এই সমাৰোহৰ শুভ উদ্বোধন কৰিছিল।