নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত আজি ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে অসম ন্যায়িক সেৱাৰ পৰীক্ষা আৰু কেন্দ্ৰীয় শৈক্ষিক যোগ্যতা পৰীক্ষাত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমৰ হাইস্কুলক উন্নীত কৰা, মডেল হাইস্কুল স্থাপন কৰা, বড়ো মাধ্যমৰ খালী পদত শিক্ষক নিযুক্তি দিয়া, বিটিআৰ চুক্তিৰ সংশ্লিষ্ট দফা কাৰ্যকৰী কৰা আদি কেইবাটাও দাবী সম্বলিত একোখনকৈ স্মাৰক পত্ৰও ধৰ্মঘটকাৰীসকলে মুখ্যমন্ত্ৰীলৈ বুলি প্ৰেৰণ কৰে।
Assamese | January 8, 2025 8:50 PM | Akashvani | Akashvani Guwahati | Local news
দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট