গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতার্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়।
Assamese | December 30, 2024 12:43 PM | Akashvani | Akashvani Guwahati | Golaghat
গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন