আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ যক্ষ্মা বিভাগৰ ডি ডি জি অধ্যাপক ঊর্বশী বি সিং আৰু অখিল ভাৰতীয় আয়ুবিজ্ঞান প্ৰতিষ্ঠানৰ পালমুনাৰী চিকিৎসা বিভাগৰ অধ্যাপক ডা০ বিজয় হাড্ডাৰ সৈতে হোৱা এটা বিশেষ আলোচনা সম্প্ৰচাৰ কৰা হ’ব। আগ্রহী শ্ৰোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তিদ্বয়ক যক্ষ্মা ৰোগৰ চিনাক্তকৰণ আৰু ইয়াৰ চিকিৎসা সন্দৰ্ভত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে লগতে ৱাটছএপ যোগে ৯২৮৯০ ৯৪০৪৪ নম্বৰলৈও প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব অথবা #AskAir যোগে সামাজিক মাধ্যম X-ত প্ৰশ্ন সুবিধ পাৰিব। আকাশবাণীৰ এফ এম গল্ড চেনেল আৰু অতিৰিক্ত ফ্রিকুয়েন্সিসমূহৰ যোগেদি এই অনুষ্ঠান প্রচাৰ কৰা হ’ব। শ্ৰোতাসকলে আমাৰ ৱেৱছাইট newsonair.co.in আৰু ইউটিউব চেনেল newsonairofficial যোগেও এই অনুষ্ঠান শুনিবলৈ পাব।
Assamese | December 9, 2024 2:27 PM | Akashvani | Akashvani Guwahati | Public speack
আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ যক্ষ্মা মুক্ত ভাৰত সন্দৰ্ভত আলোচনা