November 28, 2024 6:17 PM
27
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ পুৰণি টেলিফোন নম্বৰ ২৬৬০৪২৬ পুনৰ বাহাল কৰা হৈছে। দীৰ্ঘদিন ধৰি এই টেলিফোন নম্বৰটো বিকল হৈ থকাৰ বাবে বাতৰি বিভাগ, আমাৰ সংবাদদাতাসকল আৰু আমাৰ শ্ৰোতাসকল যথেষ্ট আহুকালৰ সন্মুখীন হ'বলগীয়া হৈছিল। ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলৰ অধীনৰ এই টেলিফোন নম্বৰলৈ মোবাইল ফোনৰ পৰা ০৩৬১- এই কোড ব্যৱহাৰ কৰি ডায়েল কৰিব লাগিব। সংবাদদাতা আৰু সৰ্বসাধাৰণ ৰাইজে ০৩৬১-২৬৬০৪২৬ নম্বৰত টেলিফোন কৰি যিকোনো বাতৰি আৰু মত-অভিমত জনাব পাৰিব।