শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ১৯৯৮ চনৰ ৯ নৱেম্বৰত কলাক্ষেত্র আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। পৰহিলৈৰ পুৱা কলাক্ষেত্ৰৰ কীৰ্তনঘৰত নাম-প্ৰসংগ আৰু আয়তীসকলৰ দিহানামেৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব। দিনৰ ভাগত বৰ্ণালী শীৰ্ষক অসমৰ বাবে বহণীয়া লোকনৃত্যৰ অনুষ্ঠান আৰু সন্ধিয়া অসমৰ নাট্য তথা চলচ্চিত্ৰ জগতৰ অন্যতম পুৰোধা সদ্যপ্রয়াত কুলদা কুমাৰ ভট্টাচাৰ্যৰ স্মৃতিত শ্রদ্ধাঞ্জলি অনুষ্ঠান আৰু নাট্যানুষ্ঠান পৰিৱেশন কৰা হ’ব। দ্বিতীয় দিনা সোণালী সুদিন শীর্ষক ব্যতিক্রমী কাৰ্যসূচী অনুষ্ঠিত হ’ব।
Assamese | November 7, 2024 7:52 PM | AIR GUWAHATI | Akashvani Guwahati | sankardev kalakshetra
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শনিবাৰৰ পৰা দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন