প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত-বিনিময় কৰিব। শ্রীমোদীয়ে আসন্ন কেন্দ্রীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰিব। অর্থনীতিবিদৰ উপৰি বিভিন্ন ক্ষেত্ৰত বিশেষজ্ঞসকলে এই বৈঠকত অংশগ্ৰহণ কৰিব। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰি আৰু অন্য সদস্যসকলেও ভাগ ল’ব।
সংসদৰ বাজেট অধিবেশন ২২ জুলাইত আৰম্ভ হ’ব আৰু ২৩ জুলাইত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে বাজেট উত্থাপন কৰিব। এয়া নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট হ’ব। যোৱা মাহত অনুষ্ঠিত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে এইবাৰৰ বাজেট চৰকাৰৰ দূৰ্গামী নীতি আৰু ভৱিষ্যৎ দৃষ্টিভংগীৰ ফলপ্ৰসূ নথি হ’ব বুলি মন্তব্য কৰিছিল। তেওঁ লগতে বাজেটত গুৰুত্বপূৰ্ণ অর্থনৈতিক আৰু সামাজিক সিদ্ধান্তৰ লগতে ভালেমান ঐতিহাসিক পদক্ষেপ দেখিবলৈ পোৱা যাব বুলি কৈছিল। লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল।
Assamese | July 11, 2024 2:34 PM | Modi | narendra modi
দিল্লীত আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে প্রধানমন্ত্ৰী মোদীয়ে মত-বিনিময় কৰিব