জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত বিগত ৪ দিনত ৫টা গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনাত দুটা সন্ত্ৰাসবাদীকে ধৰি এজন কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ জোৱান আৰু ৯ জন সাধাৰণ লোক নিহত হোৱাৰ লগতে আন ভালেমান লোক আহত হয়। আকাশবাণী জন্মৰ সংবাদদাতাই জনোৱা অনুসৰি ৭ জন নিৰাপত্তাৰক্ষী বিষয়াৰ ভিতৰত ৫ জন সৈনিক, এজন বিশেষ আৰক্ষী বিষয়া, এজন আৰক্ষী আৰু ৪২ জন সাধাৰণ লোক এই আক্ৰমণত আহত হয়। নিৰাপত্তাৰক্ষী বাহিনীৰ কালি দুজন অস্ত্র সম্বলিত সন্ত্ৰাসবাদীৰ সৈতে হোৱা সংঘৰ্ষত কাঠৱা জিলাৰ হীৰানগৰত এজন চি আৰ পি এফ বিষয়াও নিহত হয়।
Assamese | June 13, 2024 4:29 PM | Akashvani Guwahati | Jammu | Terrorist
জম্মু-কাশ্মীৰৰ কাঠৱা আৰু ৰাছি জিলাত গুলীয়াগুলী আৰু আক্ৰমণৰ ঘটনা