● অসম টেনিছ সন্থাৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হ’ব। গুৱাহাটীৰ চচল টেনিছ প্রকল্পত অনুষ্ঠিত হ’বলগীয়া প্রতিযোগিতাখনত আয়োজক অসমসহ ভাৰতৰ ১৩ খন ৰাজ্যৰ খেলুৱৈব নাম পঞ্জীয়ন কৰা হৈছে। উল্লেখযোগ্য যে প্রতিযোগিতাখনত ১২ আৰু ১৪ বছৰ অনুৰ্ধৰ ল’ৰা-ছোৱালী উভয়ৰে একক আৰু দ্বৈত শাখাৰ মেচসমূহ অনুষ্ঠিত হ’ব। ১৩ আৰু ১৪ জুলাইত কোৱালিফায়িং ৰাউণ্ডৰ খেলসমূহ অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৫ জুলাইৰ পৰা মূল প্রতিযোগিতাৰ খেল অনুষ্ঠিত হ’ব।
Assamese | July 13, 2024 1:33 PM | AIR GUWAHATI | Akashvani | Guwahati City | SPORTS | Tennis
গুৱাহাটীত আজিৰেপৰা অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল