খেল

June 12, 2025 10:50 AM

views 40

এফ আই এইচ হকী প্ৰ’ লীগত ভাৰতীয় পুৰুষ দল আর্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

■ এফ আই এইচ হকী প্ৰ' লীগ প্ৰতিযোগিতাত আজি সন্ধিয়া নেডাৰলেণ্ডছৰ আমষ্টেলভিনৰ ৱাগেনাৰ হকী ষ্টেডিয়ামত ভাৰতীয় পুৰুষ দলটো আর্জেণ্টিনাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া ৬.৩০ বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ পইণ্ট তালিকাত ১১ খন খেলৰ পৰা ১৫ পইণ্ট লাভ কৰি ভাৰত বৰ্তমান চতুর্থ স্থানত আছে।...

June 11, 2025 9:19 AM

views 29

এ এফ চি এছিয়ান কাপৰ এখন কোৱালিফায়াৰ মেচত হংকঙৰ হাতত পৰাস্ত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দল

এ এফ চি এছিয়ান কাপত কালি সন্ধিয়া ক'লুনত অনুষ্ঠিত এখন কোৱালিফায়াৰ মেচত আয়োজক হংকঙৰ হাতত ভাৰতৰ ছিনিয়ৰ পুৰুষ ফুটবল দলটো ০-১ গ'লত পৰাস্ত হয়। খেলখনত ৯৪ মিনিটত হংকঙৰ ষ্টেফান পেৰেইৰাই এটা গ'ল দি দলটোৰ জয় নিশ্চিত কৰে। এই পৰাজয়ৰ পাছত ২০২৭ চনত ছৌদি আৰৱত হ'বলগীয়া এছিয়ান কাপৰ বাবে ভাৰতৰ যোগ্যতা অৰ্জনৰ...

June 10, 2025 7:52 PM

views 49

উজবেকিস্তানৰ তাছখণ্ডত ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দল সাজু

উজবেকিস্তানৰ তাছখণ্ডত আজিৰে পৰা হ'বলগীয়া ১৯ বছৰ অনুৰ্ধৰ কাৱা ভলিবল চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে ভাৰতীয় পুৰুষ দলটো সাজু হৈছে। ভাৰতে আজি প্ৰথমখন খেলত ইৰানৰ বিৰুদ্ধে আৰু কাইলৈ কিৰগিজস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনিয়ৰ পুৰুষ ৰাষ্ট্ৰীয় দলৰ প্ৰশিক্ষক ছাৰ্বিয়াৰ ড্রাগন মিহাইল'ভিকে ১৯ বছৰ অনুৰ্ধৰ দলটো...

June 10, 2025 12:32 PM

views 33

এফ আই এইচ হকী প্ৰ’ লীগ প্রতিযোগিতাত ভাৰত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত

২০২৪-২৫ বৰ্ষৰ পুৰুষৰ এফ আই এইচ হকী প্ৰ’ লীগ প্রতিযোগিতাত নেদাৰলেণ্ডছৰ আমষ্টেলভিনত কালি অনুষ্ঠিত এখন খেলত ভাৰত নেদাৰলেণ্ডছৰ বিৰুদ্ধে ২-৩ গ’লত পৰাস্ত হয়। বাগেনাৰ হকী ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতৰ হৈ অভিষেক আৰু যুগৰাজ সিঙে এটাকৈ গ'ল দিয়ে। ইয়াৰ বিপৰীতে প্ৰতিপক্ষ দলৰ থিজেচ ভান ডাম, জেপ হ’ডেমেকাৰ্ছ...

June 10, 2025 12:30 PM

views 54

জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতা আৰম্ভ

জাৰ্মানীৰ মিউনিখত আজি চলিত বৰ্ষৰ ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতা আৰম্ভ হ'ব। মহিলাৰ ১০ মিটাৰ এয়াৰ ৰাইফল আৰু পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানৰ ফাইনেলেৰে এই প্ৰতিযোগিতা মুকলি হ'ব। এইবেলি ৩ গৰাকী ভাৰতীয় খেলুৱৈয়ে এই প্রতিযোগিতাত অভিষেক ঘটাবলৈ সাজু হৈছে। ৩৬ গৰাকী খেলুৱৈৰে সমৃদ্ধ ভাৰতীয় দলটো প্ৰতিয...

June 10, 2025 12:26 PM

views 42

ICC HALL OF FAME-ত অন্তৰ্ভুক্ত মহেন্দ্র সিং ধোনী

ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্র সিং ধোনীক ICC HALL OF FAME-ত অন্তৰ্ভুক্ত কৰা হৈছে। মহেন্দ্ৰ সিং ধোনীৰ উপৰি অষ্ট্ৰেলিয়াৰ মেথিউ হেডেন, দক্ষিণ আফ্ৰিকাৰ হাছিম আম্‌লা আৰু অন্য চাৰিগৰাকী খেলুৱৈক এইবেলি HALL OF FAME-ত অন্তৰ্ভুক্ত কৰা হৈছে বুলি আন্তঃৰাষ্ট্ৰীয় ক্রিকেট পৰিষদে প্ৰকাশ কৰিছে। ভা...

June 9, 2025 12:57 PM

views 48

টাইৱান এথেলেটিকছ অপেন চেম্পিয়নশ্বিপত ভাৰতৰ ৬টা সোণসহ মুঠ ১০টা পদক জয়

টাইপেইত অনুষ্ঠিত টাইৱান এথেলেটিকছ অপেন চেম্পিয়নশ্বিপৰ দ্বিতীয় তথা অন্তিম দিনা কালি ভাৰতীয় খেলুৱৈসকলে ছটা সোণ, তিনিটা ৰূপসহ মুঠ ১০টা পদক জয় কৰে। মহিলাৰ ৪০০ মিটাৰ হার্ডলছত তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন বিথ্যা ৰামাৰাজে, জেভলিনত ৰোহিত যাদৱে, মহিলা আৰু পুৰুষৰ ৮০০ মিটাৰত ক্ৰমে পূজা আৰু কৃষ্ণন কুমাৰ আৰ...

June 9, 2025 12:33 PM

views 27

শিৱসাগৰত ৱাটাৰ প’ল’ খেলৰ ৰাজ্যিক বাছনি শিবিৰ

শিৱসাগৰত কালিৰে পৰা ৱাটাৰ প’ল' খেলৰ ৰাজ্যিক বাছনি শিবিৰ অনুষ্ঠিত হৈছে। শিৱসাগৰ নগৰৰ সমীপৰ বাঢ়ৈটিঙত জিলা সাঁতোৰ সন্থাৰ উদ্যোগত আৰু অসম সাঁতোৰ সন্থাৰ তত্ত্বাৱধানত অনুষ্ঠিত এই শিবিৰ কালি অসম সাঁতোৰ সন্থাৰ উপ-সভাপতি দেৱ হাজৰিকাই উদ্বোধন কৰে। এসপ্তাহ ধৰি চলিবলগীয়া এই শিবিৰৰ পৰা জুলাইৰ প্ৰথম ভাগত আহমেদা...

June 9, 2025 12:09 PM

views 29

বিশ্বৰ ১ নম্বৰ স্থানৰ টেনিছ খেলুৱৈ ইটালীৰ জানিক চিনাৰক পৰাস্ত স্পেইনৰ কাৰ্লোছ আলকাৰাজৰ

টেনিছত স্পেইনৰ কাৰ্লোছ আলকাৰাজে যোৱা নিশা বিশ্বৰ ১ নম্বৰ স্থানত থকা খেলুৱৈ ইটালীৰ জানিক চিনাৰক ৫ ছেটত পৰাস্ত কৰে। ইয়াৰ পূৰ্বে দুটা ছেট পিছপৰি তিনিটা চেম্পিয়নশ্বিপ পইণ্টৰ সন্মুখীন হোৱা বৰ্তমানৰ চেম্পিয়ন আলকাৰাজে পৰাজয়ৰ দিশে অগ্ৰসৰ হৈছিল। কিন্তু গ্ৰেণ্ড শ্লেমৰ ইতিহাসৰ অন্যতম ৰোমাঞ্চকৰ ফাইনেল খেলখন...

June 8, 2025 8:55 PM

views 45

ফ্রেন্স অ’পেন টেনিছত ইটালীয়ান যুটী চাৰা ইৰৰাণী আৰু জেচমীন পাৱলিনিৰ মহিলাৰ ডাবলছৰ খিতাপ জয়

ফ্রেন্স অ'পেন টেনিছ প্রতিযোগিতাত দ্বিতীয় বাচনিৰ ইটালীয়ান যুটী চাৰা ইৰৰাণী আৰু জেচমীন পাৱলিনিয়ে মহিলাৰ ডাবলছৰ খিতাপ জয় কৰিছে। যুটীটোৱে কাজাখস্তানৰ আন্না ডেনেলিনা আৰু ছাৰ্ভিয়াৰ আলেকজেন্দ্রা ক্রুনিক যুটীক ৬-৪, ২-৬, ৬-১ ফলাফলত পৰাস্ত কৰি খিতাপ অৰ্জন কৰিছে। পুৰুষৰ ছিংগলছৰ আজি ফাইনেল অনুষ্ঠিত হ'ব। ফা...