আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপত কলম্বোৰ আৰ প্ৰেমাদাছা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন খেলত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি ৩ বজাত আৰম্ভ হব। ডি এল এছ পদ্ধতিৰে শ্রীলংকাক ৫৯ ৰানত পৰাস্ত কৰি ভাৰতৰ মহিলা দলটোৱে প্ৰথমখন খেলত জয়লাভ কৰিছিল। ভাৰতৰ বাবে আজিৰ খেলখন ছেমিফাইনেলৰ বাবে যোগ্যতা নিৰূপনকাৰী খেল হিচাপে পৰিগণিত হৈছে।
কালি আৰ প্ৰেমদাছা ষ্টেডিয়ামত শ্রীলংকা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত খেলখন বৰষুণৰ বাবে অমীমাংসিত হৈ ৰয়।
Assamese | October 5, 2025 11:31 AM | ICC Women's World Cup
আই চি চি মহিলা এদিনীয়া ক্রিকেট বিশ্বকাপত আজি ভাৰত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব