অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া তিনিখন এদিনীয়া আৰু পাঁচখনীয়া টি-২০ খেলৰ বাবে বি চি চি আয়ে ১৫জনীয়া ভাৰতীয় দল ঘোষণা কৰিছে। ১৯ অক্টোবৰৰ পৰা ভাৰতে শুভমন গীলৰ নেতৃত্বত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন এদিনীয়া খেল খেলিব। একেদৰে সূৰ্য কুমাৰ যাদৱৰ নেতৃত্বত ২৯ অক্টোবৰৰ পৰা পাঁচখন টি২০ খেলত অৱতীৰ্ণ হ’ব। এদিনীয়া দলটোত ৰোহিত শৰ্মা, বিৰাট কোহলী, শ্রেয়াছ আয়াৰ, অক্ষৰ পেটেল, কে.এল ৰাহুল, নিতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ চিৰাজ, অশ্বদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, ধ্ৰুৱ জুৰেল আৰু যশস্বী জয়ছৱালক ৰখা হৈছে।
Assamese | October 4, 2025 8:34 PM | india team australia
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া ৩খন এদিনীয়া আৰু ৫খন টি-২০ খেলৰ বাবে ১৫জনীয়া ভাৰতীয় দল ঘোষণা