খেল

June 8, 2025 7:30 PM

views 58

মুম্বাইৰ ৰিলায়েন্স ফাউণ্ডেচন ইয়ং কেম্পত ফুটবলৰ ৫ বছৰীয়া প্ৰশিক্ষণৰ বাবে চৰাইদেউৰ মাহমৰাৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ সমীৰ ৰাজকোঁৱৰ নিৰ্বাচিত

চৰাইদেউ জিলাৰ মাহমৰা এটা ১৩ বছৰীয়া কিশোৰে মুম্বাই থকা ৰিলায়েন্স ফাউণ্ডেচন ইয়ং কেম্পত ফুটবলৰ ৫ বছৰীয়া আবাসিক প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হৈছে। মাহমৰা দিছাংকোষ অঞ্চলৰ তিলক ৰাজকোঁৱৰ আৰু জোনালী ৰাজকোঁৱৰৰ পুত্ৰ সমীৰ ৰাজকোঁৱৰ এই প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত হোৱাত অঞ্চলটোৰ ক্রীড়ানুৰাগীসকল উৎফুল্লিত হৈ পৰিছ...

June 8, 2025 12:55 PM

views 36

টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁইৰ ৪০০ মিটাৰ ৰীলেত সোণৰ পদক জয়

টাইৱানত অনুষ্ঠিত টাইৱান অপেন এথলেটিকছত অসমৰ অম্লান বৰগোহাঁইয়ে ৪০০ মিটাৰ ৰীলেত সোণৰ পদক জয় কৰিছে। প্ৰতিযোগিতাৰ প্ৰথম দিনটোত ভাৰতে অংশ লোৱা আটাইকেইটা শিতানতে সোণৰ পদক জয় কৰে। পূজাই কালি মহিলাৰ ১৫ মিটাৰ দৌৰত দেশৰ হকে প্ৰথমটো সোণৰ পদক অৰ্জন কৰে। আব্দুল্লা আবু বাকেৰে পুৰুষৰ ত্ৰিপল জাম্পত ১৬ দশমিক ২-১ ...

June 7, 2025 8:35 PM

views 63

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আৰিয়ানা ছাবালেংকা বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ কক’ গউফৰ সন্মুখীন

ফ্রেন্স অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত আজি বিশ্বৰ একনম্বৰ খেলুৱৈ আৰিয়ানা ছাবালেংকা বিশ্বৰ দ্বিতীয় স্থানৰ খেলুৱৈ কক' গউফৰ সন্মুখীন হৈছে। পুৰুষৰ ছিংগলছৰ ফাইনেলত কাইলৈ বিশ্বৰ প্ৰথম স্থানৰ খেলুৱৈ জানিক ছিনাৰ যোৱাবাৰৰ ছেম্পিয়ন কাৰ্লছ আল কাৰাজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছিনাৰে ছেমি ফাইনেলত ...

June 7, 2025 10:22 AM

views 50

ফ্রেন্স অ’পেন টেনিছ প্রতিযোগিতাত মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবালেংকাই কোকো গ’ফৰ বিৰুদ্ধে খেলিব

ফ্রেন্স অ'পেন টেনিছ প্রতিযোগিতাত আজি সন্ধিয়া মহিলাৰ একক শাখাৰ বিজয়ী খিতাপ দখলৰ বাবে আৰিনা ছাবালেংকাই কোকো গ’ফৰ বিৰুদ্ধে খেলিব। বেলাৰুছৰ ছাবালেংকাই পোলেণ্ডৰ খেলুৱৈ তথা বিশ্বৰ পঞ্চম স্থানত থকা খেলুৱৈ ইগা শুইটেকক ৭-৬, ৪-৬, ৬-০ চেটত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। আমেৰিকাৰ খেলুৱৈ গ’ফে ছেমিফাইনেলত ফ্ৰান...

June 6, 2025 9:11 PM

views 41

ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ডত কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়ত ভাৰতৰ অভিযান সমাপ্ত

জাকার্টাত চলি থকা ইণ্ডোনেছিয়া অপেন ছুপাৰ থাউজেণ্ড প্রতিযোগিতাত আজি ভাৰতে কোৱাৰ্টাৰ ফাইনেল পৰ্য্যায়তে নিজৰ অভিযান সামৰিছে। শীর্ষ বাছনিৰ ভাৰতীয় যুটী চিৰাগ চেট্টি আৰু সাত্বিকসাইৰাজ ৰণকীৰেড্ডীয়ে মালয়েছিয়াৰ যুটী চন ৱে'ই চং আৰু টি কে য়ুনৰ বিৰুদ্ধে ১৯-২১, ১৬-২১ গেমত পৰাজয় বৰণ কৰিছে।

June 6, 2025 8:25 PM

views 142

পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ভাৰতীয় ক্রিকেট দল ইংলেণ্ডলৈ ৰাওনা

ভাৰতীয় ক্রিকেট দলটো আজি পাঁচখনিয়া টেষ্ট শৃংখলাত অংশ লোৱাৰ বাবে ইংলেণ্ডলৈ ৰাওনা হৈছে। ২০২৫-২৭ আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে আয়োজন কৰা এই টেষ্ট শৃংখলা ২০ জুনত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰাৰ পাছত এয়া হ'ব ভাৰতৰ প্ৰথমখন দ্বিপাক্ষিক টেষ্ট...

June 6, 2025 12:38 PM

views 62

নৰ’ৱে দবা প্রতিযোগিতাত অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত ডি গুকেশৰ

সাম্প্রতিক বিশ্ব চেম্পিয়ন ভাৰতৰ ডি গুকেশে যোৱা নিশা ষ্টেভেনজাৰ চিটীত চলি থকা নৰ'ৱে দবা প্রতিযোগিতাত সতীৰ্থ খেলুৱৈ গ্ৰেণ্ড মাষ্টাৰ অৰ্জুন এৰিগাইচিক সপ্তম ৰাউণ্ডত পৰাস্ত কৰে। প্ৰতিযোগিতাত ইয়াৰ পূৰ্বে হোৱা মুখামুখিত অর্জুনে গুকেশৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰিছিল। ১৯ বর্ষীয় গুকেশে বগা গুটিৰে খেলি কালি...

June 6, 2025 12:35 PM

views 48

চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ চিৰাগ ছেট্টি আৰু সাত্বিক সাইৰাজ ৰণকীৰেড্ডীৰ যুটীটো ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্রতিযোগিতাৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত আজি মালয়েছিয়াৰ মান ৱেই ছং আৰু টি কাই ৱনৰ মুখামুখি হ'ব। ইয়াৰ পূৰ্বে চিৰাগ আৰু সাত্বিক সাইৰাজৰ যুটীটোৱে জাকাৰ্টাত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত ডেনমাৰ্কৰ ৰাচমছ কেজৰ আৰু ফ্রেড...

June 5, 2025 9:41 PM

views 55

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত লাভলীনা বক্সিং একাডেমী উদ্বোধন কৰে। টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইৰ উদ্যোগত গঢ়ি উঠা বক্সিং একাডেমীখন মুকলি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ২ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘোষণা কৰে। একাডেমীখনত খেলুৱৈৰ হোষ্টেলৰ সুব...

June 5, 2025 9:24 PM

views 27

অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ

অসম এমেচাৰ বক্সিং সন্থাৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত আজিৰে পৰা আন্তঃজিলা জুনিয়ৰ আৰু এলিট বক্সিং চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রতিযোগিতাখন উদ্বোধন কৰে। প্রতিযোগিতাখনত ৩৩খন জিলাৰ প্ৰায় ৪০০ প্রতিযোগীয়ে অংশগ্ৰহণ কৰিছে।