আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ প্রতিযোগিতাত যোৱা নিশা ইন্দোৰৰ হোলকাৰ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ডিফেণ্ডিং চেম্পিয়ন অস্ট্রেলিয়াই নিউজিলেণ্ডক ৮৯ ৰানত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লোৱা অষ্ট্ৰেলিয়াই ৪৭ অভাৰ ৩ টা বলত ৩২৬ ৰাণ সংগ্ৰহ কৰে। এছলেই গার্ডনাৰে সৰ্বাধিক ১১৫ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে অ’পেনাৰ ফিবি লিচফিল্ডে ৪৫ ৰান সংগ্ৰহ কৰে। নিউজিলেণ্ডৰ হৈ জেছ কেৰ আৰু লিয়া টাহুহুৱে ৩টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত নিউজিলেণ্ডে মাত্র ২৩৭ ৰানত আটাইকেইটা উইকেট হেৰুৱায়। অধিনায়ক ছফী ডেভাইনৰ ১১২ ৰানৰ ইনিংছ অথলে যায়। অষ্ট্ৰেলিয়াৰ হৈ ছফী মলিনেক্স আৰু এনাবেল চাথাৰলেণ্ডে ৩টাকৈ উইকেট দখল কৰে। এছলেই গার্ডনাৰে বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে। ইফালে আজি কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে বাংলাদেশে অৱতীৰ্ণ হ’ব। বিয়লি ৩ বজাৰ পৰা খেলখন আৰম্ভ হ’ব।
Assamese | October 2, 2025 1:01 PM | ICC Women World Cup
আই চি চি মহিলাৰ এদিনীয়া বিশ্বকাপ প্রতিযোগিতাত অস্ট্রেলিয়াৰ হাতত নিউজিলেণ্ড পৰাস্ত