■ আহমেবাদত অনুষ্ঠিত প্রথমখন টেষ্ট মেছত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত দুটা উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ কৰে। কে এল ৰাহুলে ৫৩ আৰু শুভমন গীলে ১৮ ৰাণ কৰি অপৰাজিত হৈ আছে। ইয়াৰ আগেয়ে টছত জিকি ৱেষ্ট ইণ্ডিজে প্রথমে বেটিং কৰি নিজৰ প্ৰথম ইনিংছত ১৬২ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ মহম্মদ চিৰাজে চাৰিটা আৰু যশপ্রীত বুমৰাই তিনিটা উইকেট দখল কৰে। উল্লেখযোগ্য যে, ভাৰতৰ নতুন অধিনায়ক শুভমন গিলৰ নেতৃত্বত দেশখনৰ ঘৰুৱা ছিজনৰ আৰম্ভণিৰ দুখনীয়া টেষ্ট শৃংখলাৰ এইখন হ’ল প্ৰথমখন খেল। এই শৃংখলাৰ দ্বিতীয়খন খেল অহা ১০ অক্টোবৰত দিল্লীত আৰম্ভ হ’ব।
Assamese | October 2, 2025 8:47 PM | Akashvani News | Cricket | SPORTS
ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ভাৰতে প্ৰথম দিনাৰ খেলৰ অন্তত ২ উইকেটৰ বিনিময়ত ১২১ ৰাণ সংগ্ৰহ