খেল

June 20, 2025 8:38 PM

views 30

ফেডাৰেচন বেংক এ টি পি এ শ্বিল্ড প্রতিযোগিতাত অইল ইণ্ডিয়াক হৰুৱাই ছেমিফাইনেলত মণিপুৰ

ফেডাৰেচন বেংক এ টি পি এ শ্বিল্ড প্রতিযোগিতাৰ আজি অন্তিমখন কোৱাৰ্টাৰ ফাইনেলত মণিপুৰে অইল ইণ্ডিয়াক ৩-২ গ’লত হৰুৱাই ছেমিফাইনেলত প্ৰৱেশ কৰে। যোৰহাট ষ্টেডিয়ামত অনুষ্ঠিত এই প্রতিযোগিতা যোৰহাট জিলা ক্রীড়া সন্থাই আয়োজন কৰিছে।

June 20, 2025 11:43 AM

views 48

ভাৰত-ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফীৰ টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি আৰম্ভ

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তেণ্ডুলকাৰ-এণ্ডাৰছন ট্ৰফী ৫ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি লীডছৰ হেডিংলি ক্রিকেট গ্রাউণ্ডত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি বিয়লি চাৰে ৩ বজাত আৰম্ভ হ'ব। বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণৰ পাছৰ এই ইংলেণ্ড ভ্রমণেৰে শুভমন গীল নেতৃত্ব...

June 20, 2025 11:39 AM

views 32

ভাৰতৰ দবা খেলুৱৈ দিব্যা দেশমুখক প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অভিনন্দন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি লণ্ডনত অনুষ্ঠিত বিশ্ব ব্লিজ দবা প্রতিযোগিতাৰ ছেমি ফাইনেলত বিশ্বৰ ১ নম্বৰ স্থানৰ হ'উ য়িফানৰ বিৰুদ্ধে জয়লাভ কৰা প্ৰতিভাৱান খেলুৱৈ দিব্যা দেশমুখক অভিনন্দন জনাইছে। প্রধানমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ এটা পোষ্টযোগে দিব্যাৰ সাফল্যই খেলুৱৈগৰাকীৰ একাগ্ৰতা আৰু নিষ্ঠাক প্ৰতি...

June 19, 2025 7:46 PM

views 54

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ’ব

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেল কাইলৈ লিছৰ হেডিংলীত আৰম্ভ হ'ব। পূর্বে পাটাউদী ট্রফী নামে জনাজাত এই টেষ্ট শৃংখলা এইবছৰৰ পৰা এণ্ডাৰচন-তেণ্ডুলকাৰ টেষ্ট শৃংখলা নামেৰে পৰিচিত হ'ব। শুভমন গীলৰ নেতৃত্বৰ নতুন ভাৰতীয় দলটোত এইবাৰ বিৰাট কোহলি, ৰোহিত শর্মা, ৰবিচন্দ্রন অশ্বিন, ৰবীন্দ...

June 19, 2025 12:01 PM

views 60

কাইলৈৰ পৰা ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা আৰম্ভ

■ ভাৰত-ইংলেণ্ডৰ মাজত পাঁচখনীয়া ক্রিকেট টেষ্ট শৃংখলা কাইলৈৰ পৰা আৰম্ভ হব। ইতিমধ্যে দুয়োটা দলে এই শৃংখলাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে ৷ ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত টেষ্ট শৃংখলাৰ পূৰ্বে বিৰাট কোহলিৰ আমন্ত্ৰণ মর্মে অধিনায়ক শুভমন গীল, সহঃ অধিনায়ক ঋষভ পণ্ট, মহম্মদ চিৰাজকে ধৰি কেইবাগৰাকী ক্রিকেটাৰে কো...

June 18, 2025 1:00 PM

views 28

আজিৰে পৰা চেন্নাইত হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ

হকী ইণ্ডিয়া মাষ্টাৰ্ছ কাপ আজি চেন্নাইত আৰম্ভ হ'ব। তামিলনাডু হকী গোটে আয়োজন কৰা এই ১০ দিনীয়া প্রতিযোগিতাখনত ৪০ বছৰৰ উৰ্ধৰ পুৰুষ আৰু ৩৫ বছৰৰ উৰ্ধৰ মহিলাই অংশগ্রহণ কৰিছে। এইবাৰৰ প্ৰতিযোগিতাত ইতিমধ্যে বাৰটা পুৰুষৰ দল আৰু আঠটা মহিলা দলে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। প্ৰথমে গ্রুপ মেচ অনুষ্ঠিত হ'ব আৰু ত...

June 18, 2025 12:57 PM

views 28

এফ আই এইচ হকী প্ৰ’ লীগৰ মেচত আর্জেণ্টিনাৰ হাতত ভাৰতীয় মহিলা দল পৰাস্ত

এফ আই এইচ হকী প্ৰ' লীগৰ এখন মেচত কালি নিশা লণ্ডনৰ লী ভেলী হকী এণ্ড টেনিছ চেণ্টাৰত ভাৰতীয় মহিলা দলটো আর্জেণ্টিনাৰ হাতত ১-৪ গ’লৰ ব্যৱধানত পৰাস্ত হয়। প্রতিযোগিতাৰ ইউৰোপীয় লেগত ১৫ জুনত অষ্ট্ৰেলিয়াৰ হাতত ১-২ গ'লত পৰাস্ত হোৱাৰ পিছত এয়া একেৰাহে ভাৰতৰ দ্বিতীয়টো পৰাজয়। দীপিকাই ভাৰতৰ হৈ হাফ টাইমৰ ঠিক প...

June 17, 2025 12:33 PM

views 28

মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ সময়সূচী ঘোষণা, গুৱাহাটীত হ’ব ৪খন মেচ

অহা ৩০ ছেপ্তেম্বৰৰ পৰা ভাৰতত হ'বলগীয়া মহিলাৰ এদিনীয়া বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ বাবে সময়সূচী ঘোষণা কৰা হৈছে। ভাৰতীয় ক্রিকেট কন্ট্রোল ব'র্ডে জানিবলৈ দিয়া মতে এই প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ চাৰিখন খেল গুৱাহাটীৰ বর্ষাপাৰা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ব'ৰ্ডৰ সচিব দেৱজিৎ শ‍ইকীয়াই কয়, যে বর...

June 17, 2025 9:46 AM

views 18

মহিলাৰ এফ আই এইচ হকী প্র’-লীগ প্রতিযোগিতাত আজি ভাৰত-আৰ্জেণ্টিনা মুখামুখি

মহিলাৰ এফ আই এইচ হকী প্র’-লীগ প্রতিযোগিতাত ভাৰত আজি আৰু কাইলৈ লণ্ডনৰ লি ভেলী হকী আৰু টেনিছ কেন্দ্ৰত আৰ্জেণ্টিনাৰ মুখামুখি হ'ব। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাস্ত হোৱাৰ পাছত ভাৰতীয় দলটোৱে বিশ্বক্ৰমৰ দ্বিতীয় স্থানৰ আৰ্জেণ্টিনাৰ বিৰুদ্ধে সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ প্ৰয়াস চলাব। প্রতিযোগিতাত এইপর্যন্ত ভাৰতে মুঠ...

June 17, 2025 9:44 AM

views 21

ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব ক্ৰিকেট দলটোৰ সালসলনি

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদে (বিচিচিআই) সমাগত ইংলেণ্ড ভ্রমণলৈ যাবলগীয়া ভাৰতৰ ১৯ বছৰ অনূৰ্ধ্ব দলটোৰ সামান্য সালসলনি কৰিছে। কনিষ্ঠ ক্রিকেট কমিটীয়ে দলটোত আঘাতৰ পৰিপ্ৰেক্ষিতত আদিত্য ৰানা আৰু খিলন পেটেলৰ ঠাইত ক্ৰমে ডি দিপেশ আৰু নমনক অন্তৰ্ভুক্ত কৰিছে। আয়ুষ মাহাত্রে নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা ...