কামৰূপ জিলাৰ আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া চীনৰ মুখামুখি হ’ব। কালি অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত ইণ্ডোনেছিয়াই ভাৰতক পৰাস্ত কৰে। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত চীনে জাপানক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। উল্লেখযোগ্য যে ছেমি ফাইনেলত পৰাস্ত হৈ ভাৰতে ব্ৰঞ্জৰ পদকতে ক্ষান্ত থাকে।
Assamese | October 11, 2025 1:36 PM | bwf badminton
আমিনগাঁৱত অনুষ্ঠিত বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ ফাইনেলত আজি ইণ্ডোনেছিয়া-চীন